কোকৰাঝাৰ : নাবালিকাক ধৰ্ষণৰ অপচেষ্টা ঠিকাদাৰৰ। পথ নিৰ্মাণৰ কাম কৰি থকা ঠিকাদাৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰী গৰাকীক ধৰ্ষণৰ অপচেষ্টা ঠিকাদাৰৰ।
কোকৰাঝাৰত এগৰাকী ১৫ বছৰীয়া কিশোৰীক এজন ঠিকাদাৰে ধর্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত এখন গাঁৱত পথ নিৰ্মাণৰ কাম কৰি থকা কুনছুৰ আলী নামৰ এজন ঠিকাদাৰে গাঁওখনৰে এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধর্ষণ কৰাৰ অপচেষ্টা চলায়।
অভিযোগ অনুসৰি কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰজনে কিশোৰী গৰাকীৰ ঘৰত পানী বিচাৰি প্ৰৱেশ কৰি কিশোৰী গৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায়। কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত একাংশ স্থানীয় লোকে কিশোৰী গৰাকীক ৰক্ষা কৰি ঠিকাদাৰজনক আটক কৰি উত্তম-মাধ্যম দিয়ে৷
লগতে পঢ়ক : মাইক্ৰফাইনেন্সৰ ঋণ ওভোটাই দিয়াৰ দিন ঘোষণা চৰকাৰৰ
জানিব পৰা মতে এই ঘটনা ৩১ অক্টোবৰত সংঘটিত হৈছিল আৰু ঠিকাদাৰজন পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিশোৰীগৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।