গুৱাহাটী- অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় সংখ্যালঘু শক্তি আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত দলৰ উপ- সভাপতি ইজৰাইল নন্দৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত ব্ৰুন এক্কা সভাপতি আৰু ৰমজান আলিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৫১ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷ অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা উপ-সভাপতি অদীপ ফুকন, চমচেৰ সিং, প্ৰণিতা ডেকা আৰু মিল্টন কুইয়া, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান, মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জাতীয় মহিলা শক্তিৰ উপ-সভাপতি মামণি তালুকদাৰ অতিথি হিচাপে উপস্থিত থাকে৷
নতুনকৈ গঠিত জাতীয় সংখ্যালঘু শক্তিত জিয়াবুৰ ৰহমান খানক কাৰ্যকৰী সভাপতি, দৰ্শন সিং ৱালিয়া, অনুপ কন্দপান, চাজিফুৰ ৰহমান, মানিক আলি আহমেদ, অনুপ কন্দপান, ৰঞ্জি ত সিং, মনিৰুৰ চৌধুৰী, সৌৰভ বি জৈন, জিমি গঠৰ, ফজলুল হক খান, জন কেৰকেটাক উপ-সভাপতিজ্ব কুলদীপ সিং, অজিউদ্দিন বৰভূঞা, জাকিৰ হুছেইন, ভায়ালিন স্তকমেন, চুলতানা, ৰুকচানা বেগম, চয়দা মেৰিদা বেগম, নবিৰ আলি, মাজমল আলি, জাহিদুল হুছেইনক সম্পাদকৰ দ্বায়িত্ব দিয়া হয়৷ আনহাতে বেবুল হুছেইন লচকৰ, ছমিৰ খান, আতিকুল ইছলাম, জুলহাশ আহমেদ, মোবাৰক হুছেইন, জাহান উদ্দিন শেখ, মজিবৰ ৰহমান, খুৰশিদ আলমক যুটীয়া সম্পাদক হিচাপে দায়িত্ব দিয়া হয়৷