ছয়গাঁও– পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা। অসম-মেঘালয় সীমান্তৰ ৰাজাপাৰা পাহাৰৰ পৰা ন দিনৰ মূৰত উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল মিৰ্জাৰ অপহৃত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক। ২১ ফেব্ৰুৱাৰীত চাৰিজনীয়া দুৰ্বৃত্তৰ এটি দলে মিৰ্জাৰ পৰা অপহৰণ কৰিছিল মুনিন্দ্ৰ তালুকদাৰক।
পলাশবাৰী আৰক্ষীৰ প্ৰায় ২০ জনীয়া এটি দলে ৰাজাপাৰাৰ এক দুৰ্গম অঞ্চলত অভিযান চলাই নিশা ১ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ব্যৱসায়ীজনক। আৰক্ষীয়ে অপহৰণকাৰী ৰাহুল প্ৰধান ওৰফে বাগান , খ্ৰীষ্ট বছুমতাৰী ওৰফে চিমলা বাক্সা আৰু আশ্ৰাফ আলী ওৰফে বাঘবৰ বৰপেটাৰ এই তিন অপহৰণ কাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
অন্যহাতে অতি দুৰ্গম অঞ্চল হোৱা হেতুকে প্ৰাঞ্জল ৰাভা, বৰলা ৰাভা, গণেশ দাস, বিণয় বড়ো আৰু জিঅ পাগালা নামৰ অপহৰণকাৰী কেইটা পলায়ন কৰিবলৈ সক্ষম হয়। অতি শীঘ্ৰে অপহৰণকাৰী কেইটাক কৰায়ত্ত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জনাই পলাশবাৰী আৰক্ষী বিষয়াই। পলাশবাৰী আৰক্ষীৰ এই সফলতাক অঞ্চলবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।