নলবাৰী : নলবাৰীত চাঞ্চল্যকৰ ঘটনা। নলবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে এগৰাকী বিজেপিৰ নেত্ৰী। দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত বিজেপিৰ নেত্ৰী গৰাকী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন।

নলবাৰী জিলাৰ বৰ্নীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা। শুকুৰবাৰে নিশাৰ ভাগত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে ৰীণা তালুকদাৰ নামৰ এগৰাকী বিজেপিৰ নেত্ৰী।

নিশা ঘৰত কোনো নথকাত দুজনীয়া দুৰ্বৃত্তৰ দল এটাই বিজেপি নেত্ৰী ৰীনা তালুকদাৰৰ ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। গুৰুত্বৰভাৱে আহত বিজেপিৰ নেত্ৰী গৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক –  বঙাইগাঁৱত গৰুসহ আটক তিনিজন গৰু সৰবৰাহকাৰী

বিজেপিৰ নেত্ৰী গৰাকীক কোনে আৰু কিয় আক্ৰমণ চলালে এই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply