নিউজ ডেস্কঃ কোকৰাঝাৰত কেএলঅ’ৰ নামত ধন দাবী দুৰ্বৃত্তৰ । ২৮ অক্টোবৰত ১৭ জনীয়া দুৰ্বৃত্তৰ এটা দলে নিজকে কেএলঅ’ৰ সদস্য বুলি পৰিচয় দি গোসাইগাঁৱৰ অন্তৰ্গত খোখচাগুৰী গাঁৱত জিৰেন নাৰ্জাৰী নামৰ ৩৬ বছৰীয়া এজন ডাম্পাৰ চালকক ধন দাবী কৰে। 

নাৰ্জাৰীয়ে তেওঁলোকক টকা দিবলৈ অস্বীকাৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে নাৰ্জাৰীক আক্ৰমণ কৰে।  ইয়াৰ উপৰিও, দুৰ্বৃত্ত কেইজনে শিল কঢ়িওৱা আন তিনিখন ডাম্পাৰ ট্ৰাকৰ পৰাও ধন দাবী কৰে।

দুৰ্বৃত্তই আক্ৰমণত জিৰেন নাৰ্জাৰীয়ে চিঞৰ-বাখৰ কৰাত ঘটনাস্থলীৰ পৰা দুৰ্বৃত্ত সকল পলায়ন কৰে।

ঘটনাস্থলীত স্থানীয়লোক উপস্থিত হৈ নাৰ্জাৰীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত জাৰাগুৰি চিকিৎসালয়ত ভৰ্তি কৰায়। তেওঁৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বেহাৰ মিছন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

এই সন্দৰ্ভত, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত সকলক চিনাক্ত কৰিছে। তেওঁলোক হ’ল হিতেশ ৰায়, সঞ্জয় ৰায়, লংকা ৰয়, ৰাজেশ ৰয়, মানেন ৰয়, কৃষ্ণ ৰয়, হেমান ৰয়, ভজন ৰয়, মালেন ৰয়, কমল ৰায়, অনু ৰয়, প্ৰভাৰত ৰায়, পবিত্ৰ ৰয়, নটখতু ৰয়, প্ৰশান্ত ৰয়, মনু ৰয়, মনু ৰয়, ৰাম কুমাৰ ৰয় । পিছে আৰক্ষীয়ে বৰ্তমানলৈকে এজনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply