সোণাৰি: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সোণাৰিৰ দুগৰাকী প্ৰতিযোগীয়ে।

ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীত Sky plus multi media and shadak নামৰ সংস্থাটোৰ দ্বাৰা আয়োজিত মিছ ৰয়েল ইণ্ডিয়া ইন্টাৰনেচেনেল ২০২২ ফেচন প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা চৰাইদেউ জিলাৰ সোণাৰিৰ ঈপ্সিতা দুৱৰাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী সন্মান আজুৰি আনিবলৈ সক্ষম হয় ।

প্ৰতিযোগিতাত দেশ বিদেশৰ ৯০০ গৰাকী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰিছিল । সোণাৰিৰ অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এলিট একাডেমীৰ ছাত্ৰী ইপ্সিতা দুৱৰা।

ইফালে এই প্ৰতিযোগিতাখনৰ মিছেছ শাখাত অংশগ্ৰহণ কৰি সোণাৰিৰে বোৱাৰী পূৰ্ণিমা গগৈ দিহিঙ্গীয়াই শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

ঘৰুৱা কামকাজৰ মাজতে এনেদৰে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰি উৎসাহিত হৈ উঠিছে পূৰ্ণিমা।

লগতে পঢ়ক- উদীয়মান কন্ঠশিল্পী গজেন বসুমতাৰীৰ “বনভোজ” শীৰ্ষক গীতৰ এলবাম মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply