মৰাণ: ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ১০৮ নং খোৱাং গ্ৰান্টৰ পৰা অৰ্পণজিত ফুকন নামৰ ১৯ বছৰীয়া যুৱক জন সন্ধানহীন হৈ থকা বিষয়টোক লৈ মৰাণত চৰ্চা অব্যাহত । যুৱক জন আলফাত যোগদান কৰা বুলিও প্ৰচাৰ হৈছে।
পুত্ৰৰ সন্ধান বিচাৰি আজি মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অৰ্পণজিত ফুকনৰ পিতৃ বিৰেছ ফুকণে । পিতৃয়ে জানিবলৈ দিয়া মতে ২ এপ্ৰিলত দুলীয়াজানৰ পৰা বায়েকৰ ঘৰলৈ বুলি ওলাই যোৱা অৰ্পণজিত আজিও ঘুৰি অহা নাই বুলি জানিবলৈ দিছে ।
ইফালে কিছুলোকে যুৱক জনে আলফাত যোগদান কৰা বুলি প্ৰচাৰ কৰিছে যদিও পিতৃয়ে তেওঁৰ পুত্ৰ আলফা স্বাধীনত যোগদান কৰা নাই বুলি জানিবলৈ দিছে । আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব আহিব প্ৰকৃত ঘটনা কি ।
পিতৃয়ে সন্দেহ প্ৰকাশ কৰিছে তেওৰ পুত্ৰৰ সৈতে সম্পৰ্ক থকা যুবক এজনো বৰ্তমান ঘৰৰ পৰা নাইকীয়া হৈ আছে। ইয়াৰ পূৰ্বে দুয়োটা নাইকীয়া বিয়া পাতিছিল যদিও নাবালক হৈ থকাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল।