কঠীয়াতলী শগুণবাহীৰ ৰিংকি কোঁৱৰ

কামপুৰ কঠিয়াতলী অঞ্চলৰ পৰা ডেৰমাহ ধৰি সন্ধানহীন হৈ আছে এগৰাকী কিশোৰী।সন্ধানহীন কিশোৰী গৰাকী নগাঁও জিলাৰ কঠীয়াতলী শগুণবাহীৰ ৰিংকি কোঁৱৰ। কঠীয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে সন্ধানহীন কিশোৰী গৰাকীৰ আত্মীয়ই ।

এজাহাৰত উল্লেখ কৰা মতে যোৱা ১৪ এপ্ৰিলত দিনৰ ১১ মান বজাত ১৬ বছৰীয়া ৰিংকু কোঁৱৰ নামৰ কিশোৰী গৰাকী ঘৰৰ পৰা ওলাই গৈ আজিলৈকে ঘৰলৈ উভতি অহা নাই । কিছুদিনৰ আগতে গুৱাহাটীৰ খানাপাৰা অঞ্চলত দেখা পোৱাৰ কথা এজনে ফোন যোগে কৈছিল যদিও কোনো সুংসুত্ৰ উলিয়াব নোৱাৰিলে পৰিয়ালটোৱে।


ডেৰমাহ অতিক্ৰম কৰাৰ পাছতো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী কিম্বা পৰিয়াল বৰ্গই। মাতৃৰ ধমকত ঘৰৰ পৰা ওলাই যোৱা বুলি জানিব দিয়ে আত্মীয়ই। আনহাতে সন্ধানহীন কিশোৰীগৰাকীৰ কিবা সম্ভেদ পালে স্থানীয় আৰক্ষী থানা অথবা ৯৮৬৪৬১৯১৭০ /৯১০১৩৩০২৬৮ নম্বৰত জনাবলৈ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ তথা আত্মীয় অনুৰোধ জনাইছে ।

লগতে পঢ়ক মঙলবাৰৰ পৰা প্ৰবৰ্তন হ’ব লগা SOP ত কি কি নিয়ম সংযোগ কৰিলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply