ধেমাজী: দীৰ্ঘদিনীয়া গণতান্ত্ৰিক আন্দোলনৰ শেষত ৰাজ্য চৰকাৰে মিচিং ভাষাক জীয়াই ৰখা আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে মিচিং ৰাইজে আদৰণী জনাইছে।


উল্লেখ্য যে মিচিং আগম কেবাং( মিচিং সাহিত্য সভা)১৯৭২ চনত প্ৰতিষ্ঠা হোৱাৰে পৰাই মিচিং আগম কেবাং আৰু মিচিং ৰাইজে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল ৷

সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত এই দাবীৰ মৰ্যাদা প্ৰদান মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে অন্তভুক্ত কৰিলে ৰাজ্য চৰকাৰে ৷ বহু অপেক্ষাৰ অন্তত এই দাবীৰ মৰ্যাদা প্ৰদান কৰি বৰ্তমানৰ অসম চৰকাৰে মিচিং ভাষাক যোৱা ৭ ফেব্ৰুৱাৰীত প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰিলে ৷

এতিয়া প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মিচিং ছাত্ৰ-ছাত্ৰী সকলে মিচিং ভাষাত শিক্ষাগ্ৰহণ কৰাৰ পথ প্ৰশস্ত হ’ল ৷ তদুপৰি ষষ্ঠ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে বিষয় হিচাপে মিচিং ভাষাত অধ্যয়ন কৰিব পাৰিব ৷

অৱশ্যে অন্যান্য জনগোষ্ঠীৰ মাধ্যম সমূহতকৈ মিচিং ভাষাৰ অধ্যয়নৰ বেলিকা সুকীয়া হ’ব ৷ এই মতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইংৰাজী আৰু অসমীয়া ভাষাও অধ্যয়নৰ ৰাস্তা মুকলি কৰিছে ৷

মিচিং ভাষাৰ পাঠ্য-পুথি প্ৰণয়নৰ সময়ত মিচিং ভাষাৰ লগতে ইংৰাজী আৰু অসমীয়া ভাষাত ভাৱানুবাদ থাকিব ৷ যিটোৰ বাবে পিছৰ পৰ্যায়ত মিচিং ছাত্ৰ-ছাত্ৰী সকলে ইংৰাজী বা অসমীয়াত পঢ়া আৰু লিখাত কোনো অসুবিধা সন্মুখীন নহয়।

তাৰ বাবে এই সিদ্ধান্ত হাতত লয়। মিচিং আগম কেবাংৰ আজি অনুষ্ঠিত সভাত এই সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে ।
মিচিং আগম কেবাংৰ সভাপতি গোবিন্দ টাইডে জানিবলৈ দিয়া মতে ৪৩ বছৰীয়া সংগ্ৰামৰ অন্তত চৰকাৰে লোৱা সিদ্ধান্তই মিচিং সকলক উপকৃত কৰিব। ২০২৩ চনৰ পৰা আৰম্ভ হ’ব লগীয়া এই ব্যবস্থাই মিছিংসকলক আৰু সবল কৰিব।

উল্লেখ্য যে জনজাতীয় ভাষা হিচাবে এইবাৰ ৰাজ্যখনৰ মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাত পঞ্চম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব। আনহাতে কাৰ্বি ভাষাত অষ্ট্ৰম শ্ৰেণীলৈ আৰু বড়ো আৰু গাড়ো ভাষাত দ্বাদশ শ্ৰেণীলৈকে পঢ়িব পাৰিব। গোবিন্দ টাইডে জনোৱা মতে ইয়াৰ ফলত ভাষা বিলাক জীয়াই থকাৰ পথ মুকলি হ’ল।

লগতে পঢ়ক_ পঞ্জাব বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হ’ব অসম আৰক্ষীৰ এটা দল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply