গোলাঘাট : পিকনিক খাবলৈ গৈ দেওবাৰে দুপৰীয়া গোলাঘাট থুৰামুখ অঞ্চলত ধনশিৰি নদীৰ বুকুত নুমলীগড় শোধনাগাৰৰ সন্ধানহীন হোৱা জেষ্ঠ অভিযন্তাজনৰ এতিয়াও শুংসুত্ৰ পোৱা নাই।


নুমলীগড় শোধনাগাৰৰ মুখ্য অভিযন্তা (অপাৰেশ্যন) ৰক্তিম বৰুৱাই পৰিয়াল সহ কেইবাটাও বন্ধু পৰিয়ালৰ সৈতে পিকনিক খাৱলৈ থুৰামুখ অঞ্চললৈ গৈছিল। পৰিয়ালকেইটাই ধনশিৰি নৈৰ পাৰত পিকনিক খাই ৰং ধেমালি কৰি থকাৰ মাজতে দুপৰীয়া প্ৰায় ২ বজাত ৰক্তিম বৰুৱা নামৰ অভিযন্তা গৰাকী হঠাৎ ধনশিৰিৰ বুকুত সন্ধানহীন হৈ পৰে।
পিকনিকত খোৱা বোৱা শেষ হোৱাৰ পাছত ৰক্তিম বৰুৱাই তেওঁৰ দুই পুত্ৰ কন্যাৰ সৈতে এটা বল খেলি আছিল ।সেই সময়তে হঠাৎ বলটো নদীৰ পানীত পৰি যায়।

লগে লগে বৰুৱাৰ কনমানি পুত্ৰটিয়ে বলটোৰ পাছে পাছে খেদি যায় আৰু তাকে দেখি কন্যা সন্তানটিয়ে ভায়েকৰ পাছ লয়। ৰক্তিম বৰুৱা দুই পুত্ৰ কন্যাক নদীৰ দিশে আগবাঢ়ি যোৱা দেখি নিজে দৌৰি আহি পানীত নামি বলটো অনাৰ চেষ্টা কৰে।
পানীত নমাৰ পাছতে নৈৰ বুকুতে জেষ্ঠ অভিযন্তা গৰাকী সন্ধানহীন হৈ পৰে। লগে লগে পিকনিক খাবলৈ যোৱা পৰিয়ালকেইটাৰ মাজত হুৱা -দুৱা লাগে । কালিৰে পৰা অভিযানকাৰী দলে ৰক্তিম বৰুৱাৰ সন্ধান কৰি আছে যদিও তেওঁৰ অৱস্থিতি এতিয়াও বিচাৰি পোৱা নাই।


অভিযন্তা বৰুৱা চিকিৎসক পত্নী পুস্পা খেৰিয়াই ঘটনা কিছু সময়ৰ আগতে ভোজ খাই কৰ্মস্থলীলৈ উভতি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply