মিচিং সাহিত্য সভা

গোগামুখঃ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সকলৰ একমাত্ৰ মিচিং ভাষা-সাহিত্যৰ সংগঠন মিচিং সাহিত্য সভাৰ ৩৭ সংখ্যক কেন্দ্ৰীয় মিচিং ভাষা দিৱস লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত সোৱণশিৰি পঞ্চায়তৰ নামনি আলিমূৰত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত মিচিং ভাষা দিৱসত বিভিন্ন সাহিত্য-সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মিচিং ভাষাৰ ওপৰত এটি আলোচনা চক্ৰও অনুষ্ঠিত ৷

লগতে পঢ়ক-সোণাৰিৰ পিবি ডাইগ’নেষ্টিক আৰু ৰিচাৰ্ছ চেণ্টাৰত বিনামূলীয়া চিকিৎসা সেৱা

মিচিং ভাষা দিৱসত বিশেষভাৱে মিচিং ভাষাক অতি শীঘ্ৰে শিক্ষাৰ মাধ্যম কৰিবলৈ চৰকাৰক দাবী জনোৱা হয় আৰু ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়া হয় ৷
অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি, মিচিং সাহিত্য সভাৰ গোবিন টাইদ ,কেন্দ্ৰীয় কাৰ্যকৰী সদস্য ড° সুৰজিৎ দলে সহ বহুকেইজন মিচিং সাহিত্য সভাৰ সদস্যই অংশ লয় |
উল্লেখনীয় ১৯৮৫ চনৰ ৩০ অক্টোবৰৰ দিনা অসম চৰকাৰে মিচিং ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিছিল আৰু উক্ত দিনটোকে মিচিং সাহিত্য সভাই মিচিং ভাষা দিৱস হিচাপে উদ্‌যাপন কৰি আহিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply