ক'ত হেৰাল আৰক্ষী দম্পত্তি

নিউজ ডেস্ক: যোৱা ৫ ছেপ্তেম্বৰত তেজপুৰৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ মৃত্যু হোৱা ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা আৰক্ষী দম্পত্তি যোৱা দহ দিন ধৰি পলাতক হৈ থকা বিষয়টোৱে আৰক্ষীৰ তদন্তক লৈ ৰাইজৰ মাজত সন্দেহ উপজিছে । দেৰগাঁও আৰক্ষী থানাৰ মহিলা কণিষ্টবল অনুৰূপা শইকীয়াৰ ভাৰাঘৰত বনকৰা ছোৱালী হিচাপে আছিল তেজপুৰ ন পামৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী গৰাকী । মৃত্যুৰ তিনিদিন পূৰ্বে তেওঁক অসুস্থ অৱস্থাত তেজপুৰৰ পিতৃ-মাতৃৰ হাতত গতাই দিছিল অনুৰূপা শইকীয়া আৰু তেজপুৰ সদৰ থানাত কৰ্মৰত অনুৰূপাৰ স্বামী ৰাজীৱ বৰাই ।

পিতৃ-মাতৃৰ হাতত গতাই দিয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । অৱশেষত যোৱা ৫ ছেপ্তেম্বৰ তাৰিখে হঠাৎ মৃত্যুক সাৱতি লয় কিশোৰী গৰাকীয়ে । ইয়াৰ পিছতেই এই ঘটনাই লয় অন্য এক মোৰ । ইতিমধ্যে, দণ্ডাধীশে কিশোৰী গৰাকীৰ মৃত্যু শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বাবে হোৱা বুলি স্পষ্টভাৱে জনাইছে ।

এই কথা দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়ালে জানিব পাৰি আৰক্ষী কণিষ্টবল অনুৰূপা আৰু ৰাজীৱৰ বিৰুদ্ধে তেজপুৰ থানাত এটা গোচৰ ( গোচৰনং ১৮৮৮/২০২১)তৰে । ভাৰতীয় দন্ডবিধি আইনৰ ৩০২, ৩৭৬ আৰু পস্ক আইনৰ অধীনত গোচৰ ৰুজু হোৱাৰ পিছতেই সন্ধানহীন হৈছিল অভিযুক্ত অনুৰূপা আৰু ৰাজীৱ ।

লগতে পঢ়ক বড়োভূমিত পুনৰ এটা সশস্ত্ৰ সংগঠনৰ জন্ম

দেৰগাঁও আৰক্ষীয়ে দিনে নিশাই বিভিন্ন প্ৰান্তত দুয়ো অভিযুক্তক বিচাৰি জোৰদাৰ অভিযান চলাইছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই । দেৰগাঁও আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল দেৰগাঁৱৰ কুকিট দাস নামৰ এজন যুৱকক । যুবক জনে আৰক্ষী দম্পত্তিক গাড়ীত তুলি লৈ যোৱাৰ অভিযোগ ৷
আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে, অনুৰূপা আৰু ৰাজীৱে পলায়ন কৰাৰ আগে আগে সম্পৰ্ক ৰক্ষা কৰিছিল এই কুকিট দাসৰ সৈতে । মূল অভিযুক্ত অনুৰূপা আৰু ৰাজীৱৰ সন্ধান উলিয়াবলৈ দেৰগাঁও আৰক্ষীয়ে মাৰাথান জেৰা চলাই যদিও একোৱেই তথ্য লাভ নকৰিলে এই কুকিট দাসৰ পৰা । বৰ্তমান জেললৈ প্ৰেৰণ কৰিছে কুকিট দাসক ৷

ঘটনা সংঘটিত হোৱা দহ দিন উকলি গ’ল যদিও এই মূহুৰ্তলৈকে আৰক্ষীয়ে সন্ধান লাভ কৰা নাই পলাতক আৰক্ষী দম্পতী অপুৰূপা আৰু ৰাজীৱৰ ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দেৰগাঁও শাখাই দোষীক কৰায়ত্ব কৰাৰ দাবীত মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক লিখিত ভাবে অবগত কৰিছে ৷ স্মাৰক পত্ৰখনত কিশোৰী গৰাকীক অনুৰূপা আৰু স্বামী ৰাজীবে শাৰিৰীক মানসিক অত্যাচাৰ কৰাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ কৰিছে ৷
অসম আৰক্ষীৰ দুই ব্যক্তিক দহদিন উকলি যোৱাৰ পিছতো ধৰিব নোৱাৰা বিষয়টোক লৈ সন্দেহ হৈছে ৰাইজৰ ৷

স্বাভাবিকতেই আৰক্ষীৰ চকুত ধুলি দি আৰক্ষী দম্পতীটো কেনেকৈ ইমান দিন ধৰি পলাই আছে ইয়াক লৈ এতিয়া উত্থাপিত হৈছে এটা ডাঙৰ প্ৰশ্নবোধক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply