গুৱাহাটী মহানগৰীত অবাধে চলিছে এতিয়া তীৰ-জুৱা বৃহৎ কাৰবাৰ। ইয়াৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই চক্ৰটোৱে পুনৰ সক্ৰিয় হৈছে ।

এক গোপন সূত্ৰৰ পম খেদি মধ্য আৰক্ষীৰ বিশেষ অভিযানকাৰী SOG দল আৰু নুনমাটি আৰক্ষীয়ে যুটীয়া অভিযান চলাই নুনমাটি গোপাল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৬ জন তীৰৰ বুকিক।

আৰক্ষীয়ে কৰায়ত্ব কৰা ধৃত বুকি কেইটা হৈছে ক্ৰমে নুনমাটিৰ ভূপেন শইকীয়া,জয়ন্ত শইকীয়া, ৰূপম বসুমতাৰী,ৰাজেন দাস,ৰাকেশ কলিতা,আৰু মহম্মদ আশ্রফুল ইছলাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীয়ে চলোৱা এই অভিযানত ধৃত জুৱাৰী কেইটাৰ পৰা তীৰ খেলত ব্যৱহৃত ৭ টাকৈ মোবাইল ফোন আৰু নগদ ৩৪,৬১০ টকা জব্দ কৰে । ইতিমধ্যে, নুনমাটি থানাত উক্ত ৬ তীৰ বুকিৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটি গোচৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply