নিউজ ডেস্কঃ আজিৰ পৰা ৰাজ্যজুৰি অভিযান চলিব পাৱাৰলুম গামোচা, মেখেলা- চাদৰ আৰু আৰণাই বিৰুদ্ধে। মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই এক কথা ঘোষণা কৰে। আজি পৰা আৰম্ভ হোৱা এই অভিযান ১৪ এপ্ৰিল লৈকে চলিব।
মুখ্যমন্ত্ৰীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে পাৱাৰলুমৰ মেখেলা-চাদৰ সৰবৰাহ বন্ধৰ ওপৰত জোৰ দিছে আৰু তেনেদৰেই হেণ্ডলুম প্ৰডাকচন (ৰিজাৰ্ভেচন) আর্টিকল এক্ট ১৯৮৫ৰ অধীনত ৰাজ্যজুৰি পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ, আৰণাই বিৰুদ্ধে জোৰদাৰ অভিযান চলোৱা হ’ব।
অভিযানত যিবোৰ দোকানৰ পৰা পাৱাৰলুম গামোচা, মেখেলা- চাদৰ আৰু আৰণাই আদি পালে সেইবোৰ জব্দ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
লগতে তেওঁ কয় যে, শুৱালকুছিৰ আৰু উজনি অসমৰ শিপিনীসকলে পাৱাৰলুমৰ বস্ত্ৰৰ সৈতে ফেৰ মাৰিব নোৱাৰি হতাশাগ্ৰস্ত হৈ পৰিছে।
জি এছ টিৰ অধীনত বাহিৰৰ পৰা সামগ্ৰী সৰবৰাহ কৰা ট্রাকসমূহ ৰোধ কৰা সম্ভৱ নহয় কিন্তু অভিযান চলাৰ পিচতেই ব্যৱসায়ীসকলে সজাগ হৈ পাৱাৰলুম গামোচা সৰবৰাহ কৰাটো নিজেই বন্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখযোগ্য যে, বাল্য বিবাহবিৰোধী অভিযানৰ বাবেই যোৱা এমাহত ৰাজ্যখনত এটাও তেনে বিবাহ হোৱা নাই বুলি উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে কয়, পাৱাৰলুমৰ গামোচা, মেখালা-চাদৰ আৰু আৰণাই বিৰুদ্ধে অভিযান চলালে সেইয়াও ৰাজ্যখনত বন্ধ হৈ পৰিব।