নিউজ ডেস্ক : দিন বাগৰাৰ লগে লগে অসম-মিজোৰাম সীমা বিবাদে জতিলতাৰ পিনে গতি কৰিছে। দেওবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ৮ টাকৈ মিজো লোকৰ ঘৰ জ্বলাই দিয়াৰ পিছত অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

মিজোৰামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে দেওবাৰে নিশা ১১.৩০ বজাত অচিনাক্ত দুৰ্বৃত্তই অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটে গাঁৱৰ মিজো খেতিয়কৰ ৮ টাকৈ জুপুৰিত অগ্নি সংযোগ কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে কোলাচিব জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে জুৰুৰি ঘৰ কেইটাত কোনো লোকে বাস কৰি থকা নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কত ঘৰ কেইটাৰ গৰাকী কেইজনে ভাইৰেংটে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জনায়।

উল্লেখযোগ্য যে যোৱা জুন মাহৰ পৰা সীমা বিবাদক কেন্দ্ৰ কৰি অসম-মিজোৰাম সীমান্তত পৰিস্থিতিৰ অস্থিৰ হৈ আছে। দুয়োখন ৰাজ্যই বিপৰীত পক্ষই তেওঁলোকৰ মাটিত বেদখল চলোৱা বুলি অভিযোগ উত্থাপন কৰাৰ ফলত বিষয়টোত এক অচলাৱস্থাৰ সৃষ্টি হৈছে।

যোৱা ১০ জুলাইত মিজো দুৰ্বৃত্তই পৰিদৰ্শনৰ বাবে যোৱা অসম চৰকাৰৰ এটা দলৰ ওপৰত গ্ৰেণেড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও মিজোৰামৰ ফালৰ পৰা ইয়াক অস্বীকাৰ কৰা হয়। ইয়াৰ পূৰ্বে মিজোৰামৰ মুখ্য সচিব গৰাকীয়ে গৃহ মন্ত্ৰ্যালয়ক জনোৱা মতে অসমৰ ভূমিত মিজোৰামৰ দুৰ্বৃত্তই বেদখল চলোৱা বুলি উঠা অভিযোগ সম্পুৰ্ণ ভিত্তিহীন।

তদুপৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্য মিজোৰামে অসমৰ প্ৰায় ১,৮০০ হেক্টৰ ভূমি বেদখল কৰা বুলি অনা অভিযোগকো মিজোৰাম চৰকাৰে নসাৎ কৰে।

কিছুদিন পূৰ্বে মিজোৰামৰ কোলাচিব জিলাপ উপায়ুক্ত H. Lalthlangliana –এ কাচাৰৰ উপায়ুক্ত কীৰ্থি জাল্লি (Keerthi Jalli)লৈ দিয়া এখন পত্ৰত যোৱা ১০ জুলাইত দুয়োখন ৰাজ্যৰ মাজত থকা আন্তঃৰাজ্যিক সীমান্তত সৃষ্টি জটিল পৰিস্থিতিৰ সময়ত অসমৰ বিষয়াই মিজোৰামৰ গাঁওবাসীৰ ওপৰত নিৰ্য্যাতন চলোৱাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনিছিল।

উক্ত পত্ৰৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ প্ৰেৰণ কৰা হৈছে বুলি মিজোৰামৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

পত্ৰখনত উল্লেখ কৰা মতে যোৱা ১০ জুলাইত কোনো আগতীয়া জাননী নিদিয়াকৈ অসম চৰকাৰে সীমান্তত পথ নিৰ্মাণৰ কাম হাতত লয় আৰু আৰক্ষীৰ সহযোগত অসমৰ বিষয়াসকলে মিজোৰামৰ ফাইনুৱাম গাঁৱৰ লোকসকলে কৰা খেতি ধ্বংস কৰি পেলায়।

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱসত পুত্ৰ জিন্টু গগৈক সুঁৱৰি আবেগিক হৈ পৰিল পিতৃ-মাতৃ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply