নিউজ ডেস্ক : দীৰ্ঘদিনীয়া অসম-মিজোৰামৰ সীমা সমস্যাই পুনৰ মূৰ দাঙি উঠাৰ সময়তে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্য মিজোৰামে অসমৰ প্ৰায় ১,৮০০ হেক্টৰ ভূমি বেদখল কৰা বুলি অনা অভিযোগ নসাৎ কৰিছে মিজোৰাম চৰকাৰে।
মুখ্য মন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰত শুকুৰবাৰে চুবুৰীয়া ৰাজ্যখনে অসমৰ এক ইঞ্চি মাটিও বেদখল কৰা নাই বুলি দাবী কৰে।
ৰাজ্যখনৰ মুখ্য সচিব Lalnunmawia Chuaungo-এ কয় যে মিজোৰামে অসমৰ মাটিত কোনো ধৰণৰ বেদখল কৰা নাই।
হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগৰ প্ৰত্যুত্তৰত মুখ্য সচিব গৰাকীয়ে অসমেহে বৰঞ্চ মিজোৰামৰ ভূমি বেদখল কৰি অহা বুলি দাবী কৰি কয়, ‘অসমে যোৱা ১০০ বছৰ ধৰি মিজো গাঁওবাসীয়ে বাস কৰি ভূমিক নিজৰ বুলি দাবী কৰিছে। ছেটেলাইট পৰা তোলা ছবিয়ে অসমে নিজৰ বুলি দাবী কৰি অহা অঞ্চলবোৰত যে মিজোসকলে শতিকা ধৰি বাস কৰি আহিছে তাক প্ৰমাণ কৰিব। মিজোৰামে অসমৰ ভূভাগত কোনো বেদখল চলোৱা নাই।’
বিষয়া গৰাকীয়ে, অসম আৰক্ষী আৰু অসমৰ বন বিভাগৰ নেতৃত্বত অসমৰ বিষয়াসকলেহে বিবাদমান অঞ্চলটোত থকা স্থিতাৱস্থাক উলংঘা কৰি চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত মিজোৰামৰ অধীনৰ এলেকাত বেদখল চলোৱা বুলি অভিযোগ কৰে।
‘অসম চৰকাৰে মিজোৰামৰ বিষয়াসকলৰ বিৰুদ্ধে তৰা মোকৰ্দমা তেওঁলোকে মিজোৰামৰ ভূমিত চলাই অহা ব্যাপক বেদখলক ঢাকিবলৈ চলোৱা কাৰচাজিৰ বাহিৰে আন একে নহয়,’ মুখ্য সচিব গৰাকীয়ে কয়।
উল্লেখযোগ্য যে যোৱা সোমবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত মিজোৰামে বৰাক উপত্যকাৰ ১,৭৭৭.৫৮ হেক্টৰ ভূমিত বেদখল চলাই অহা বুলি সদৰী কৰিছিল।
বৃহস্পতিবাৰে অসম চৰকাৰে মিজোৰাম চৰকাৰৰ একাংশ বিষয়াই অসমৰ বনাঞ্চলৰ ভূমিত বেদখল চলোৱাৰ লগতে আন্তঃৰাজ্যিক সীমান্তত উদ্দেশ্যপ্ৰণোদিতভাৱে বনাঞ্চলৰ ধ্বংস কাৰ্য্য চলোৱা বুলি কাচাৰ জিলাৰ এখন আদালতত এক মোকৰ্দমা তৰে।
অসম-মিজোৰাম সীমান্তত বৰ্তমান পৰিস্থিতি স্বাভাৱিক অৱস্থাত আছে যদিও অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰি থকা বুলি মুখ্য সচিব গৰাকীয়ে কয়।
লগতে পঢ়ক : অসম-মিজোৰাম সীমা সমস্যা: ১ ইঞ্চি মাটি এৰিবলৈ ৰাজী নহয় কোনো এটা পক্ষ