নিউজ ডেস্ক : সীমা বিবাদক লৈ অসম আৰু মিজোৰামৰ মাজত এক অচলাৱস্থা চলি থকাৰ মাজতে বৃহস্পতিবাৰে মিজোৰাম চৰকাৰে বিষয়টোৰ পৰ্য্যালোচনাৰ বাবে ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী Tawnluia-ৰ নেতৃত্বত এখন সীমা আয়োগ গঠন কৰিছে।
মিজোৰামৰ গৃহ মন্ত্ৰী Lalchamliana উপ-সভাপতি হিচাপে থাকিব লগীয়া উক্ত আয়োগত গৃহ বিভাগৰ সচিব গৰাকীক সদস্য সচিব হিচাপে ৰখা হৈছে।
উক্ত আয়োগে অসম-মিজোৰামৰ সীমা সমস্যাৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰিব বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হয়।
আনহাতে, অসম-মিজোৰাম সীমান্তৰ কোলাচিব জিলাৰ এইটলাং আৰু বুৱাৰচেপ অঞ্চলত এতিয়াও পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে বুলি শুকুৰবাৰে মিজোৰামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে সীমান্ত অঞ্চলত বাহৰ পাতি আছে আৰু যিকোনো মুহূৰ্ততে পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে বুলি তেওঁ লগতে সদৰী কৰে।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মিজোৰামে অসমৰ বিৰুদ্ধে মানৱ অধিকাৰ ভংগৰ অভিযোগ আনিছিল। মিজোৰামৰ কোলাচিব জিলাপ উপায়ুক্ত H. Lalthlangliana –এ কাচাৰৰ উপায়ুক্ত কীৰ্থি জাল্লি (Keerthi Jalli)লৈ দিয়া এখন পত্ৰত যোৱা ১০ জুলাইত দুয়োখন ৰাজ্যৰ মাজত থকা আন্তঃৰাজ্যিক সীমান্তত সৃষ্টি জটিল পৰিস্থিতিৰ সময়ত অসমৰ বিষয়াই মিজোৰামৰ গাঁওবাসীৰ ওপৰত নিৰ্য্যাতন চলোৱাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনে।
ইয়াৰ পূৰ্বে মিজো খেতিয়কসকলৰ খেতি পথাৰ নষ্ট কৰাৰ বাবে যোৱা ১২ জুলাইত মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই অসম চৰকাৰৰ পৰা ক্ষতিপুৰণৰ দাবী কৰিছিল।
অৱশ্যে অসমৰ বিষয়াসকলে মিজোৰাম চৰকাৰে তোলা অভিযোগ অস্বীকাৰ কৰি ওলোটাই মিজোৰামৰ লোকেহে অসমৰ ৬ কিঃমিঃ ভূমি বেদখল কৰা বুলি অভিযোগ কৰি তেওঁলোকে উক্ত বেদখলকাৰীসকলক উচ্ছেদ কৰে বুলি দাবী কৰে।
অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১২ জুলাইত বিধানসভা অধিৱেশনত মিজোৰামে বৰাক উপত্যকাৰ ১,৭৭৭.৫৮ হেক্টৰ ভূমিত বেদখল চলাই অহা বুলি সদৰী কৰিছিল।
ইয়াৰ পিছতে মিজোৰামৰ মুখ্য সচিব Lalnunmawia Chuaungo-এ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগ নসাৎ কৰি ৰাজ্যখনে অসমৰ এক ইঞ্চি মাটিও বেদখল কৰা নাই বুলি দাবী কৰে।
তেওঁ কয় যে অসমে নিজৰ বুলি দাবী কৰি অহা অঞ্চলবোৰত যে মিজোসকলে শতিকা ধৰি বাস কৰি আহিছে তাক প্ৰমাণ কৰিব। মিজোৰামে অসমৰ ভূভাগত কোনো বেদখল চলোৱা নাই।
লগতে পঢ়ক : বিফলতাই যাক হৰাব নোৱাৰে; অসমৰ এই গৰাকী যুৱ উদ্যোগী এতিয়া দুটা ব্যতিক্ৰমী ষ্টাৰ্ট-আপৰ গৰাকী