গুৱাহাটীঃ বানৰ বাবে বন্যাৰ্তৰ দুখৰ অন্ত পৰা নাই৷ বানাক্ৰান্ত ৰাইজে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণে থাকি অতি যন্ত্ৰণাকাতৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ এটুপি খোৱা পানীৰ পৰাও বঞ্চিত বানাক্ৰান্ত ৰাইজ। এই কঠিন পৰিস্থিতিত অসমক সহায়ৰ হাত আগবঢ়ালে মিজোৰামে। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে মিজোৰাম চৰকাৰে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা কাছাৰৰ শিলচৰত খোৱাপানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্রী জোৰামথাংগাই টুইটযোগে কয় যে এই কঠিন সময়ত মিজোৰাম সদায় অসমৰ লগত থাকিব। মিজোৰাম চৰকাৰে অসমক সকলো ধৰণেৰে সহায় কৰিবলৈ সাজু আছে।

দেওবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোনিক বাৰ্তালাপত মিলিত হয়। বাৰ্তালাপৰ সময়ত জোৰমথাংগাই জনায় যে মিজোৰাম চৰকাৰে এই কঠিন সময়ত অসমৰ বানপীড়িত ৰাইজক সহায় কৰিবলৈ ইচ্ছুক। বানাক্ৰান্ত অসমলৈ মিজোৰামে কেনেদৰে খোৱাপানী প্ৰেৰণ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ লগত আলোচনা কৰে।

জোৰামথাংগাই কয় যে মিজোৰামে অসম-মিজোৰাম সীমান্তৰ ভাইৰেংটেলৈ ট্ৰাকযোগে খোৱাপানী যোগান ধৰিব আৰু ইয়াৰ পৰা অসম চৰকাৰে সংগ্ৰহ কৰি বানপীড়িত ৰাইজৰ বাবে বিতৰণ কৰিব।

ইতিমধ্যে বানত অধিক ক্ষতিগ্ৰস্ত হোৱা শিলচৰলৈ ১৪,০০০ লিটাৰতকৈও অধিক বটলযুক্ত খোৱাপানী প্ৰেৰণ কৰিছে আইজলৰ চেণ্ট্ৰেল ইয়ং মিজো এছ’চিয়েচন (চিৱাইএমএ) আৰু ৱাইএমএ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply