নিউজ ডেস্কঃ কা আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সন্দৰ্ভত আজি পুনৰ নিয়া আদালত হাজিৰ হ’ল শিৱসাগৰৰ বিধায়ক গৰাকী। অখিল গগৈ সৈতে বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰকো আদালত হাজিৰ হোৱা দেখা গ’ল।

গোচৰটোৰ ক্ষেত্ৰত ইতিমধ্যে সাময়িকভাৱে উচ্চতম ন্যায়ালয়ে অখিল গগৈক সকাহ প্ৰদান কৰিছে। যাৰ বাবে নিয়া আদালতত গোচৰৰ শুনানি হ’লেও গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে, বিগত বছৰত নিয়া আদালতে গোচৰটোৰ পৰা মুক্ত কৰিলেও পুনৰবাৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ গোচৰ চলোৱাৰ বাবে আবেদন কৰিছিল। উক্ত আবেদন ভিত্তিতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰবাৰ মাওবাদীৰে সম্পৰ্ক থকা অভিযোগত অখিল গগৈ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি দিয়ে।   

লগতে পঢ়ক – CID ক ডিম্বেশ্বৰ মুচাহাৰীৰ হত্যাৰ তদন্তৰ দায়িত্ব প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply