নিউজ ডেস্কঃ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে পুনৰ চলিব NIA ৰ গোচৰ। মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পুনৰ বাৰ আদালত হাজিৰ হোৱা নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে NIA পক্ষত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি অহা ২৩ ফেব্ৰুৱাৰীৰ ভিতৰত নিম্ন আদালত হাজিৰ হ’বলৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক জনক নিৰ্দেশনা জাৰি কৰে। 

কেৱল মাত্ৰ অখিল গগৈয়ে নহয় মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত পূৰ্বতে জড়িত থকা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো পুনৰ গোচৰৰ আওঁতালৈ আনিবলৈ উচ্চ ন্যায়ালয়ে অনুমতি দিছে বুলি NIA ৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। 

উক্ত গোচৰত জামিন লাভৰ বাবে অখিল গগৈয়ে নতুনকৈ জামিন আবেদন কৰিব লাগিব। যদিহে বিধায়কজনে জামিন লাভ নকৰে তেনেহ’লে হয়তু পুনৰ বাৰ কাৰাগাৰলৈ যাব পাৰে।

উল্লেখ্যযোগ্য যে, বিগত বছৰত NIA য়ে ৰুজু কৰা সকলো গোচৰ নাকচ কৰি নিয়া আদালতে অখিল গগৈৰ সৈতে আন তিনিজনকো মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ গোচৰটোৰ পৰা দোষমুক্ত কৰিছিল। 

লগতে পঢ়ক – অসম চৰকাৰৰ প্ৰশংসা কৰিলে হলিউডৰ জনপ্ৰিয় অভিনেতা লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply