নিউজ ডেস্কঃ বিধানসভাৰ সৰ্বদলীয় বৈঠকত আমন্ত্ৰণ নাপালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। বাজেট বিধানসভাৰ পূৰ্বে অধ্যক্ষৰ আমন্ত্ৰণ মৰ্মে বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় সৰ্বদলীয় বৈঠক।
বিধানসভাৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত ২০ বছৰৰ পিছত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে।
সৰ্বদলীয় বৈঠকৰ বাবে শাসক-বিৰোধীৰ সকলো নেতাকে আমন্ত্ৰণ জনোৱা হৈছিল। কেৱল মাত্ৰ নিমন্ত্ৰণৰ পৰা বাদ পৰে অখিল গগৈ।
সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয় যে, মই প্ৰথমে অখিল গগৈক নিমন্ত্ৰণ নকৰা বিষয়টো অধ্যক্ষ মহোদয়ক দৃষ্টি গোচৰ কৰিছিলোঁ কিন্তু অধ্যক্ষই বিবেচনা কৰি আছোঁ বুলি কৈ থৈ দিয়ে।
উল্লেখযোগ্য যে, এই সৰ্বদলীয় বৈঠক কোনো চৰকাৰী পক্ষৰ নিমন্ত্ৰণ মৰ্মে অনুষ্ঠিত হোৱা নাছিল । বিধানসভাৰ অধ্যক্ষৰ নিমন্ত্ৰণ মৰ্মে হে এই বৈঠক অনুষ্ঠিত হয়। যদি অধ্যক্ষ য়ে যদি পক্ষপাতিত কৰে তেতিয়া হ’লে বিধানসভাৰ কাৰ্যক্ৰমিকা কেনেদৰে সুফল কৰিব।