শিৱসাগৰঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কাৰামুক্ত হোৱাৰ পিছত শুক্ৰবাৰে উপস্থিত হয় গৃহ সমষ্টিত। শ শ শুভাকাংক্ষীৰ উষ্ণ আদৰণিৰে সমষ্টিত পদাৰ্পণ কৰাৰ পিছত শনিবাৰে অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান।

বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে ঐতিহাসিক জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰীৰ পাৰত উপস্থিত হৈ তাত থকা জয় দৌল, দেৱী দৌল, ঘনশ্যাম মন্দিৰ আৰু ৰুদ্ৰ সিংহ উদ্যান পৰিদৰ্শন কৰে।

তাৰ পিছত বিধায়ক অখিল গগৈ উপস্থিত হয় জয়মতী মৈদাম, হৰ গৌৰী দেৱালয়ত। পৰিদৰ্শন কৰে ঐতিহাসিক তলাতল ঘৰ।

আৰু পঢ়কঃপৰীক্ষাৰ মূল্যায়নক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে

ইয়াৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে পুৱাই ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত প্ৰাতঃ ভ্ৰমণ কৰি পুখুৰীৰ পাৰ, ঐতিহাসিক শিৱ দৌল চৌহদ আৰু যমুনা পৰিদৰ্শন কৰি বৰ্তমানৰ অৱস্থাৰ বুজ লয়। অখিল গগৈয়ে দিখৌ নদীৰ ওপৰত থকা কঁপিকল যুক্ত দলং খনৰো বৰ্তমান অৱস্থাৰ বুজ লয়।

এই পৰিদৰ্শন কালত ঐতিহাসিক স্থান সমূহৰ বেদখল প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰে বিধায়ক গৰাকী।

ভৱিষ্যতৰ সময়ত ঐতিহাসিক কীৰ্তিচিহ সমূহক লৈ বিধায়ক গৰাকীৰ পৰিকল্পনা সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply