দুজনকৈ আৰক্ষী বিষয়াক ফোনত ভাবুকি দিয়া ক’ল ভাইৰেল হোৱাত পিছতো লাজ নাই বিহপুৰীয়াৰ বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ ।
উৰুকা নিশা নাৰায়ণপুৰত নিৰ্মীয়মাণ মাধৱদেৱ কলাক্ষেত্ৰত দুৰ্বৃত্তই নিৰ্মাণকাৰী ঠিকাদাৰৰ দুখন গাড়ীৰ গ্লাছ ভঙাৰ লগতে বহু যন্ত্ৰাংশ আৰু কলাক্ষেত্ৰত দুৱাৰ ভাঙি তহিলং কৰা ঘটনাক কেন্দ্ৰ কৰি নাৰায়ণপুৰ আৰক্ষীয়ে তিনি উদন্ড যুৱকক আটক কৰাক কেন্দ্ৰ কৰি বিধায়ক অমিয় কুমাৰ ভূঞাৰ ধমক দিয়ে নাৰায়ণপুৰ আৰক্ষী বিষয়া পুষ্পকমল বৰুৱাক৷
আৰক্ষীয়ে সন্দেহ বশত উৰুকা নিশা কলাক্ষেত্ৰৰ কাষত খানা খোৱা তিনি জন যুবকক সোধপোচৰ বাবে আটক কৰিছিল৷ইয়াৰ পাছতে স্থানীয় বিধায়কে নাৰায়ণপুৰ আৰক্ষীগৰাকীক যুৱককেইজনক এৰি দিবলৈ টেলিফোনত ধমক দিয়া অডিঅ এতিয়া ভাইৰেল হৈ পৰিছে ৷ নাৰায়ণপুৰ আৰক্ষীয়ে দীপাংকৰ হাজৰিকা ,ভাস্কৰ হাজৰিকা আৰু চিন্টু বৰুৱা আটক কৰি গোচৰ ৰুজু কৰিছে ৷
আনহাতে চৰকাৰে বনোৱা নিয়ম ভাঙিবলৈ হেঁচা প্ৰয়োগ কৰিছিল SI জোনমণি ৰাভাক। বিপদজনকভাৱে চলি থকা ভুটভুটী চলাচল বন্ধ কৰিছিল জোনমণিয়ে। ইয়াৰ পিছতে SI গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিধায়ক অমিয় কুমাৰ ভূঞা। আৰু বন্ধ হোৱা ভুটভুটীৰ চলাচল পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল SIক। বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ ভাইৰেল হোৱা দ্বিতীয়টো ফোনকল। SI জোনমনি ৰাভাই বিধায়ক ভূঞাক দিলে নীতিশিক্ষা, কিবা ক’ব লগা আছে যদি SP ৰ লগত পাতক, মই ব্যস্ত এতিয়া।
আজি বৰদোৱাত মুখ্যমন্ত্ৰীয়ে বিধায়কসকলক উদ্দেশ্যী কয়, “আগৰ দিনত যি কৰিলে কৰিলে, এতিয়া আৰু সেইবোৰ নকৰিব। বিধায়ক অমিয় কুমাৰ ভূঞাৰ প্ৰতি পৰামর্শ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আাইন কামত হকাবাধা নকৰিব।”
লগতে পঢ়ক- সৌন্দৰ্য্যবৰ্ধন আৰু আধুনিকীকৰণৰ নামত নুমলীগড় শোধনাগাৰৰ চৰম ভেকোঁ-ভাওনা
নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ধমক দিয়াক লৈ বিধায়ক অমিয় কুমাৰ ভূঞাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰক্ষীক ধমক দি কোনো অনুশোচনা নাই জন প্ৰতিনিধি গৰাকীৰ। ৰাজ্যজুৰি বিতৰ্কৰ পাছত দাম্ভিকতাৰে বিধায়ক অমিয় ভূঞাৰ মন্তব্য
‘নিজৰ সীমাৱদ্ধতা নিজে বুজি পোৱাটো ভাল’
‘মুখ্যমন্ত্ৰীয়ে বুজালে বুজি পাম, বুজাব লগীয়া পৰিৱেশ হোৱা নাই এতিয়ালৈকে’
‘বিহপুৰীয়াৰ ৰাইজৰ স্বাৰ্থত আঘাত সনা সকলৰ বিৰুদ্ধে সদায়ে মাত মাতি যাম’ ।