বিলাসীপাৰা- মঙ্গলবাৰে তৃতীয় পৰ্য্যায়ত পূব বিলাসীপাৰাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বিজেপিয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ।

হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তা আৰু সমৰ্থকক লগত লৈ বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে বিধায়ক অশোক কুমাৰ সিংহীয়ে ।

মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে উল্লেখ কৰে যে এইবাৰ নিৰ্বাচনত মোৰ কোনো প্ৰতিদ্বন্দী নাই। এইবাৰ জয়ী হোৱাৰ পিচতে বিলাসীপাৰা মহকুমাক জিলা লৈ উন্নীতকৰণ কৰিম।

এইবাৰ নিৰ্বাচনত জয়ী হ’লে বিলাসীপাৰাত এটা এয়াৰ পোৰ্ট নিৰ্মাণ কৰাৰো ইচ্ছা প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply