বিধায়ক ভৰত নৰহ

আহোম জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল কংগ্ৰেছৰ বিধায়ক ভৰত নৰহ।২৪ মে’ত ৰাজ্যপালৰ ভাষণৰ ওপৰত অভিমত প্ৰদান কৰি ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৈছিল কিছু নক’বলগীয়া কথা।আহোম জনগোষ্ঠীৰ লোকসকলতকৈ চৰ-চাপৰিৰ পমুৱা-মুছলমান অথবা অজানপীৰ-বাঘ হাজৰিকাৰ বংশধৰ খিলঞ্জীয়া মুছলমানসকল আহোমতকৈও অধিক খিলঞ্জীয়া বুলি মন্তব্য কৰি আহোম জনগোষ্ঠীৰ ৰোষত পৰিছিল নাওবৈচাৰ বিধায়ক ভৰত নৰহ।

ভৰত নৰহৰ এনে বক্তব্যত শিৱসাগৰ,নাজিৰা,যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।নাজিৰাত একাংশ ক্ষুদ্ধ আহোম যুৱকে ভৰত নৰহৰ এনে বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ প্ৰতিমূৰ্তিৰ ডিঙি হেংদাঙেৰে ঘপিয়াই কাটি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল ভৰত নৰহ।
ভৰত নৰহে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ ক্ষমা বিচাৰে।ভৰত নৰহে কয় যে,

“অসম বিধান সভাৰ ২৪ মে’ তাৰিখে ৰাজ্যপালৰ ভাষনৰ ওপৰত হোৱা আলোচনাৰ সময়ত মই দিয়া বক্তৃতাৰ কিছু বাক্যকলৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ,
কোনো ব্যক্তি, সংগঠন, জাতি-জনগোষ্ঠী,বা সম্প্ৰদায়ক অপমান বা আঘাত দিয়াৰ এই বক্তব্যৰ উদ্দেশ্য নাছিল । তথাপি মোৰ বক্তব্যই কোনো ব্যক্তি ,সংগঠন বা সম্প্ৰদায়ৰ মনত যদি আঘাত দিছে তাৰ বাবে মই দুখ প্ৰকাশ কৰিছো।ভৱিষ্যত এনে স্পৰ্শকাতৰ বিষয়ত বক্তৃতা দিওতে মই সদায় সাৱধানতা অৱলম্বন কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো ।
অসমত ছশ বছৰ ৰাজত্ব কৰি বৰ অসম গঢ়া আহোম সম্প্ৰদায়ৰ প্ৰতি মোৰ আগৰ পৰাই শ্ৰদ্ধা আৰু ভক্তি আছে আৰু ভৱিষ্যতেও ই সদায় অটুট থাকিব ।
মোৰ বক্তৃতাৰ কিছু বাক্যই যদি আহোম সম্প্ৰদায়ৰ স্বাভিমানত আঘাত হানিছে , মই ইয়াৰ দ্বাৰাই ক্ষমা বিচাৰিছো ।” লগতে পঢ়ক ধৰ্ষণৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত দুই অপৰাধীক আৰক্ষীৰ গুলীচালনা

কংগ্ৰেছৰ ভিতৰ মহলতেই এই সন্দৰ্ভত সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়া। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা তথা বিৰোধী পক্ষৰ নেতা দেবব্ৰত শইকীয়াই। এই পত্ৰত দেবব্ৰত শইকীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ভৰত নৰহে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিষয়টো দৃষ্টি গোচৰ কৰিছিল।

দেবব্ৰত শইকীয়াই লিখিছিল যে- যোৱা কেইটামান দিন ধৰি সামাজিক মাধ্যম আৰু কেতবোৰ বাতৰি কাকতত ভৰত নৰহৰ বক্তব্যক লৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সেয়েহে ৰাজ্যখনৰ অন্যতম বৃহৎ জনগোষ্ঠী আহোম সম্প্ৰদায়ৰ সন্দৰ্ভত ভৰত নৰহে বিসংগতিপূৰ্ণ তথ্যৰে যি ভাষণ আগবঢ়াইছিল সেই সন্দৰ্ভত নৰহ ডাঙৰীয়াই তেওঁৰ মন্তব্যৰ শুধৰণি কৰি যি সকলৰ মনত আঘাত দিছে তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিব লাগে।

লগতে পঢ়ক বিধ্বস্ত শুৱালকুছিৰ বস্ত্ৰশিল্প, মূৰে কপালে হাত ব্যৱসায়ীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply