খুমটাইঃ এগৰাকী বিধায়কে দেখুওৱা মহানুভৱতাৰ বাবে বিধায়কগৰাকী এতিয়া সমগ্ৰ ৰাজ্য়তে চৰ্চিত হৈ পৰিছে।
কৰোণাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত ঘৰলৈ আহিবলৈ কোনো ধৰণৰ বাহনৰ সুবিধা নোহোৱা দুগৰাকী লোকক বিধায়কগৰাকীয়ে নিজে গাড়ী চলাই ঘৰলৈ লৈ আহে।
এই মানৱ দৰদী তথা মহানুভৱতাৰ পৰিচয় দিয়া বিধায়কজন হৈছে গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া।
কিছুদিন পূৰ্বে খুমটাই সমষ্টিৰ দুগৰাকী মাতৃ-পুত্ৰ আক্ৰান্ত হৈছিল মাৰাত্মক কৰ’ণা ভাইৰাছত। অৱশেষত সুস্থ হোৱাত নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে চিকিৎসালয়ৰ তৰফৰ পৰা। পিছে চিকিৎসালৰ পৰা ঘৰলৈ উভতি যাবলৈ কোনো ধৰণৰ বাহনৰ সুবিধা পোৱা নাছিল মাতৃ-পুত্ৰই।
অৱশেষত একো উপাই নাপাই তেওঁলোকে বিধায়ক মৃণাল শইকীয়ালৈ সহায় বিচাৰি ফোন কৰিলে।
বিধায়ক গৰাকীয়ে তেওঁলোকৰ ফোনৰ প্ৰতি সঁহাৰি জনাই লগে লগেই চিকিৎসালয়ত উপস্থিত হয় আৰু নিজেই গাড়ী চলাই দুয়ো গৰাকী লোককে নিজ গৃহত থৈ আহে।
লগতে বিধায়ক মৃনাল শইকীয়াই ঘৰলৈ উভতিবলৈ হাহাকাৰ অৱস্থা হোৱা কভিড ৰোগীৰ সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখিবলৈ গোলাঘাট জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে জিলা প্ৰশাসনৰ ত্ৰুটিসমূহো আঙুলিয়াই দিয়ে।
বিধায়ক গৰাকীৰ পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।
আৰু পঢ়কঃ৫০ বছৰৰ উৰ্ধৰ ব্যক্তিৰ ক’ভিড হ’লে হস্পিতাল অথবা ক’ভিড কেয়াৰ চেন্টাৰত থাকিব লাগিব”-মুখ্যমন্ত্ৰী