মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তৰাজান গাঁৱত বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কৃষিবিভাগৰ RKVY-2022-23 আঁচনিৰ অধীনত প্ৰায় পাঁচ হেক্টৰ কৃষিভূমিত ধানৰ বীজ সিঁচে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।

উল্লেখযোগ্য যে, মৰাণ সমষ্টিত এইবাৰ বানৰ প্ৰকোপ কম যদিও খেতিয়কৰ পথাৰত বাঢ়নীপানীয়ে ধানৰ কঠীয়া নষ্ট কৰাত কৃষক এক প্ৰকাৰ চিন্তিত হৈ পৰিছে।

কৃষকৰ এই চিন্তা দূৰ কৰাৰ লক্ষ্য আগত লৈ ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত বাহাদুৰ ধানৰ বীজ সিঁচিলে বিধায়ক চক্ৰধৰ গগৈৰ লগতে কৃষি বিভাগৰ লোক সকলে।

উল্লেখ্য যে, ৰাজ্যখনত বানৰ ফলত ২২ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে প্ৰায় ৫১ হাজাৰ হেক্টৰ কৃষি ভূমি বানৰ কৱলত পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply