মৰাণঃ সমগ্ৰ দেশত যোৱা এক নৱেম্বৰ পৰা কংগ্ৰেছে কৰি অহা ভাৰত জোড়ো যাত্ৰাক তীব্ৰ সমালোচনা কৰে মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে- কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ নামটো ভুলকৈ দিলে, কংগ্ৰেছৰ অধিকাৰেই নাই ভাৰত জোড়ো যাত্ৰা নাম দিবলৈ।
বিধায়ক গৰাকীয়ে লগতে কয়- ‘তেওঁলোকে নামটো কংগ্ৰেছ জোড়োহে দিব লাগিছিল কিয়নো কংগ্ৰেছৰ কৰ্মী সমূহ এতিয়া দল এৰি বিভিন্ন দলত যোগদান কৰাৰ লগতে ৰাজনৈতিক জীৱন ত্যাগ কৰিছে, সেই সকল লোকক একত্ৰিত কৰিবৰ বাবেহে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিছে।
‘কংগ্ৰেছে কেৱল কংগ্ৰেছৰ কথা কৈ ভাৰত জোড়ো যাত্ৰা কৰিছে, কংগ্ৰেছ মানে ভাৰত নহয়, ভাৰতৰ সভ্যতা সংস্কৃতি মানে কংগেছ নহয়, কংগ্ৰেছৰ ভাঙি যোৱা কংগ্ৰেছী সকলক জোৰা লগাবৰ বাবেহে এই যাত্ৰা কৰিছে বুলিও মন্তব্য কৰে বিধায়ক গগৈয়ে।