বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট এইবাৰ বিধায়কসকলক লৈ। ‘‘মই বহু ৰাজ্য ঘূৰি থাকো৷ গম পাওঁ যে আন ৰাজ্যত বিধায়কে ফাণ্ড বেছি পায়। কিন্তু কোনো কামত বিধায়ক সোমাব নোৱাৰে। ৰাস্তা, দলং, স্কুল আদি নিৰ্মাণত বিভাগে কৰে।

আমাৰ অসমত সকলোতে বিধায়কে তালিকা বনাই৷ আনকি কামৰ ঠিকাদাৰজনকো বিধায়কে ঠিক কৰি দিয়ে৷ বিধায়কে ঠিকাদাৰ ঠিক কৰি দিয়াৰ সংস্কৃতি বন্ধ কৰিব লাগে ৷

এই কথাবোৰে বিভাগসমূহক কন্ট্ৰ’লৰ বহিৰলৈ নিছে৷ জালুকবাৰীত মই এইবোৰ হ’ব দিয়া নাই। সেয়ে জালুকবাৰীৰ উন্নতি হৈছে৷’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘বিধায়কক এইবোৰ কথা ক’লে বেয়া পায়। কিন্তু কামত বেয়া হ’লে মন্ত্ৰীহে জগৰীয়া হয় ৷ বেলেগ কামত যদি বিধায়কে হস্তক্ষেপ নকৰে তেন্তে বিধায়ক ফাণ্ড পাঁচ কোটি হ’ব পাৰে৷ কিন্তু মই টকা নবঢ়াও৷ মই ডিছক্ৰিছনাৰী ফাণ্ড কমোৱাৰ পক্ষত আছো৷’’


হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, আমি আগন্তুক সময়ত কি কাম কৰিম তাৰ বাবে আগষ্টতে সকলো ঠিক কৰিম৷ সকলোৱে তালিকা দিব৷ একেদিনাই নিবিদা হ’ব৷ একেদিনাই ঠিক কৰিম৷ সমষ্টি ভিত্তিত কাম নহয়; জিলা ভিত্তিত কাম কৰিম৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply