লাভলীনাক উৎসাহিত জনাবলৈ আয়োজন কৰা চাইকেল ৰেলীত বিধায়ক মৃণাল শইকীয়া

নিউজ ডেস্ক: এইবাৰ বৰ ঘৰতে চোৰ | দিছপুৰ বিধায়ক আৱাসৰ পৰা চোৰে চুৰ কৰিলে বিধায়কৰ চাইকেল | খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ চাইকেল চুৰ কৰিলে | বিধায়ক গৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজেই প’ষ্ট কৰিছে চাইকেল হেৰোৱা সম্পৰ্কে |

বিধায়ক গৰাকীয়ে লিখিছে এনেদৰে, “গুৱাহাটী চৰকাৰী আৱাসগৃহৰ পাৰ্কিঙৰ পৰা মোৰ চাইকেল খন কোনো লোকে লৈ গৈছে। মই ইতিমধ্যে চিচিটিভি কেমেৰাৰ জৰিয়তে অনুসন্ধান চলাই আছোঁ আৰু সমগ্ৰ ঘটনা সম্পৰ্কত অধ্যক্ষ সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছোঁ । সেয়েহে জনাওঁ যে, সোনকালে যাতে চাইকেল খন আগৰ স্থানত থৈ যায়হি ।”

বিধানসভাৰ প্ৰধানসচিব দিয়া পত্ৰ

ঘটনা সম্পৰ্কে বিধানসভাৰ প্ৰধান সচিবকো পত্ৰ যোগে অবগত কৰিছে বিধায়ক গৰাকীয়ে | দিছপুৰ থানাৰ গাতে লাগি থকা ৰাজ্যৰ অতিকে সুৰক্ষিত স্থানতে চোৰৰ তিঘিল ঘিলনি দেখি ৰাইজে মন্তব্য কৰিছে এইবাৰ বৰ ঘৰতে চোৰ সুৰক্ষা ক’ত !

লগতে পঢ়ক এফালে আলোচনা আনফালে অসমৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ মিজো সাংসদৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply