জামুগুৰিহাটঃ লিভাৰ চিৰ’ছিচত আক্ৰান্ত জামুগুৰিহাটৰ ধলাইবিল চামধৰা গাঁৱৰ যুৱ সাংবাদিক ৰাজু বৰুৱা সম্প্ৰতি লিভাৰ ট্ৰান্সপ্লান্টৰ বাবে চেন্নাইৰ গ্লেনিগ’লচ গ্ল’বেল হেলথ চিটিত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী বিধায়ক তথা অন্যান্য মানৱদৰদী লোকসকলে সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা সহায়ক সাহস হিচাপে লৈ চিকিৎসাধীন হৈ থকা সাংবাদিক ৰাজু বৰুৱাৰ কাইলৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব৷ সাংবাদিকগৰাকীক লিভাৰ অস্ত্ৰোপচাৰৰ বাবে লিভাৰ আগবঢ়াব সাংবাদিকগৰাকী ভাতৃ শৰৎ বৰুৱাই ৷
লগতে পঢ়কঃডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক আটক কৰিছে আৰক্ষীয়ে
ৰাজু বৰুৱাৰ লগতে পৰিয়ালটিক এই জটিল সময়খিনিত সহায়ক হ’ব পৰাকৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চিকিৎসাৰ বাবে দুই লাখ টকা অনুদান হিচাপে আগবঢ়ায়৷ ধলাইবিল চামধৰাস্থিত ৰাজু বৰুৱাৰ বাসগৃহত বিজেপি দলৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত হৈ ৰাজু বৰুৱাৰ পিতৃ-মাতৃৰ হাতত এই ধনৰ টোপোলা চমজি দিয়ে। চতিয়া সমষ্টিৰ বিধায়কগৰাকীৰ হৈ এই সহায়ৰ টোপোলা প্ৰদান কৰে নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাই৷ সমগ্ৰ কাৰ্যসূচীটোত সংগ দিয়ে যুৱ নেতা বুলু আহমেদ, গৌতম লাহন, যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়াকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই৷ উপস্থিত সকলোৱে সাংবাদিকগৰাকী শীঘ্ৰে সুস্থ হৈ পুনৰ সংবাদক্ষেত্ৰৰ জগতখনলৈ উভতি অহাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে ৰাজু বৰুৱাৰ পিতৃ-মাতৃয়েও বিধায়ক পদ্ম হাজৰিকাই পৰিয়ালটিক কৰা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷