তেজপুৰঃ অসম চৰকাৰে ৰাজ্যখনৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতেই কেইবাখনো আদৰ্শ গাওঁ গঢ়ি তোলাৰ আঁচনি গ্ৰহণ কৰাৰ পিছতে তেজপুৰ বিধানসভা সমষ্টিৰ দ্বিতীয়খন আদৰ্শ গাঁৱৰ শুভাৰম্ভ কৰিলে বিধায়ক পৃথ্বিৰাজ ৰাভাই।

তেজপুৰৰ বামপৰ্বতীয়াক প্ৰথমখন আদৰ্শ গাঁও হিচাপে অলপতে শুভাৰম্ভ কৰাৰ পিছত নপাম গাঁৱক আদৰ্শ গাওঁ হিচাপে তোৰণ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই গাওঁখন আদৰ্শ গাওঁ হ’লেই নহ’ব গাঁৱৰ লোক সকলো আদৰ্শবান হ’ব লাগিব বুলি মন্তব্য কৰে।

তেজপুৰ বিশ্ববিদ্যালয় অৱস্থিত এই নপাম গাঁওখন সোমবাৰৰ পৰা আনুষ্ঠানিক ভাৱে অসম চৰকাৰৰ দৃষ্টিত এখন আদৰ্শ গাঁও।

লগতে পঢ়কঃসেউজীয়া ধৰণী গঢ়াৰ সপোনৰ মাজত সোণাৰিৰ পদ্মজা

উল্লেখ্য যে, হিন্দু, ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সমন্বয়স্থলী এই নপাম গাওঁখনত আছে প্ৰায় তিনিশ শতাধিক পৰিয়াল।

থলুৱা অসমীয়া লোকৰ লগতে নেপালী, আদিবাসী আৰু ইছলাম ধৰ্মৰ লোক সকলৰ বসতিৰ স্থলী নপামক এখন আদৰ্শ গাঁও হিচাপে অসম চৰকাৰে নিৰ্বাচিত কৰাৰ পিছত স্থানীয় ৰাইজ আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিধায়ক পৃথ্বিৰাজ ৰাভাই আদৰ্শ গাঁৱৰ তোৰণ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

আনহাতে, জীয়াভৰলীৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই প্ৰতিবছৰেই অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই অনাৰ প্ৰসংগতো বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply