গুৱাহাটীঃ মোগলৰ প্ৰশংসাত পঞ্চমুখ সাংসদ আব্দুল খালেকক তীব্র সমালোচনা। সংবাদ মাধ্যমত মঙলবাৰে মোগলক লৈ বিতৰ্কিত মন্তব্য আগবঢ়াইছিল কংগ্ৰেছী সাংসদ আব্দুল খালেকে। সাংসদ গৰাকীয়ে কৈছিল, ‘মোগলে ভাৰতক এখন ৰোডমেপ দিছিল আৰু ইয়াক নাম দিছিল ‘হিন্দুস্তান’৷ মই মোগলক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাজনে ক’লে, মোগলৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ হৈয়ে থাকিলহেঁতেন।’

আব্দুল খালেকৰ এই মন্তব্যৰ পিছতেই সৰৱ হৈ উঠিছে কেইবাগৰাকীয়ো বিধায়ক।

কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতাই, ‘‘অসমত ভাৰতবৰ্ষত সাত-সাগৰ তেৰ নদীৰ সিপাৰে সকলোৱে আমি গুৰুজনাক সোঁৱৰিছো। কিন্তু তেওঁ মোগলৰ ভজন প্ৰিয় হ’ল। আব্দুল খালেকে বুৰঞ্জী পঢ়িব লাগে। আব্দুল খালেক মোগল যেনহে লাগিছে। মুছলমানৰ ভোট লাগে কাৰণে মোগল প্ৰিয় হৈ ভজন গাইছে। এতিয়া ভূপেন বৰাই স্পষ্ট কৰক কিয় তেওঁলোকৰ সাংসদে মোগলক প্ৰশংসা কৰিছে।’’

ইফালে এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টী জিকিব বুলিও উল্লেখ কৰিলে বিধায়কগৰাকীয়ে। 

আনহাতে, বিধায়ক প্ৰশান্ত ফুকনে কয়, ”অসমৰ গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক। মোগলে ভাৰতক ১৭ বাৰ আক্ৰমণ কৰিছিল। মঠ-মন্দিৰ ভাঙি অত্যাচাৰ কৰিছিল। মোগলক তেওঁৰো উপৰিপুৰুষ সকলে সহায় কৰি দিয়া নিছিনা লাগিছে। কালিৰ এজন সাংসদৰ মুখৰ এই কথাখিনিয়ে যিবিলাকে জেহাদী  নিচিনা যিবিলাক আছে সেই সকলক উদগনি দিছে। সাংসদ এজনৰ মুখত এনেকুৱা কথাই অসমৰ লগতে ভাৰতবৰ্ষলৈ যে এটা অশনি শক্তি কঢ়িয়াই আনিব সেইয়া নিশ্চিত। এই ধৰণৰ কথাক নিন্দা কৰিছো,গৰিহণা দিছো। ”

আনহাতে, আজি আব্দুল খালেকে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ”মোগলে যেতিয়া আক্ৰমণ কৰিছিল মুছলমান ৰজা হিচাপে মোগলে আক্ৰমম কৰা নাছিল। মোগলৰ সেনাপতি কেতিয়াবা ৰামসিংহ আছিল মানসিংহ আছিল। মোগলে ভাৰত হিন্দুস্তানৰ ৰজা হিচাপে অসম আক্ৰমণ কৰিছিল। আজি যদি হিন্দুস্তানৰ বিৰোধিতা কৰে মোদীৰো বিৰোধিতা কৰিব লাগে। মোগল আৰু আহোমৰ যুদ্ধখন মুছলমানৰ যুদ্ধ হিচাপে চালে নহ’ব। আহোম ৰাজ্যখন অসমৰ স্বতন্ত্ৰ ৰাজ্য আছিল। মোগল হিন্দুস্তানৰ ৰজা আছিল। হিন্দুস্তানৰ ৰজা আৰু অসমৰ ৰজাৰ যুদ্ধ আছিল। যিসকলে ভাৰতক সমৰ্থন কৰে হিন্দুস্তানক সমৰ্থন কৰে তেওঁলোকে মোগলৰাজক কিয় বিৰোধিতা কৰিব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply