ছয়গাঁও : ছয়গাঁৱৰ কুকুৰমাৰা গাঁৱত আদৰ্শ গাঁৱৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টিৰ কুকুৰমাৰা গাঁওখন অসম আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে ইতিমধ্যে কামকাজ আৰম্ভ হৈছে।
কুকুৰমাৰা গাঁওখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ অংশ হিচাপে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বৃহস্পতিবাৰে গাঁৱখনৰ প্ৰৱেশ পথত ৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া আদৰণী তোৰণৰ আধাৰশিলা স্থাপন কৰে। লগতে ১৪ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া সভাঘৰৰো আধাৰশিলা স্থাপন কৰি মুকলি সভাত অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ প্ৰতিবাদ
অনগ্ৰসৰ তথা অনুসূচীত লোকৰ বসতি প্ৰধান গাঁৱখনক অন্য এক মাত্ৰা প্ৰদানেৰে উজলাই তোলাৰ সপোন দেখা বুলি বিধায়কগৰাকীয়ে ভাষণত মন্তব্য কৰে। লগতে সৌৰচাকিৰ পৰা আৰম্ভ কৰি গো চৰণীয়া পথাৰলৈকে সকলো সুবিধাৰে কুকুৰমাৰা গাঁওখনক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে কাকমাজ চলি থকা বুলিও বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।