দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত গাঁওৰক্ষী বাহিনীৰ ৭৩সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ সুৰক্ষা বাহিনীয়ে অনুষ্ঠানত প্ৰৱেশত বাধা দিয়ে মৰিয়নি সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক।

এই ঘটনাৰ প্ৰতিবাদত বিধায়ক গৰাকীয়ে প্ৰবেশদ্ধাৰতে মাটিত বহি প্ৰতিবাদ সাব্যস্ত কৰে। অনুষ্ঠানৰ বাহিৰত বহি প্ৰতিবাদত নামি বিধায়কজনে কয় মুখ্যমন্ত্ৰীৰ সুৰক্ষা বাহিনীয়ে তেওক কিয় সোমাব নিদিলে তাক লৈ তেও যথেষ্ট অপমানবোধ কৰিছে। বিধায়ক গৰাকীয়ে স্থানীয় বিধায়ক ভবেন ভৰালীকো সোমোৱাত বাধা দিয়াৰ কথা ব্যক্ত কৰে।

আনহাতে গাঁৱৰ সুৰক্ষাৰ ধাৰণাৰে ১৯৪৯ চনত গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা অনুষ্ঠানটোৰ ৭৩ সংখ্যক অধিবেশনত অংশ লয় মুখ্যমন্ত্ৰীয়ে। বৰ্তমানে ৰাজ্যত ২২,৮৮১টা গাঁওৰক্ষী বাহিনী গোটে সেৱা আগবঢ়াই আহিছে।

গ্ৰামাঞ্চলসমূহ অপৰাধমুক্ত কৰাৰ লগতে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাটত আগবঢ়াই লৈ যাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ডাইনী সন্দেহত হত্যা, ধৰ্মীয় স্থানসমূহৰ পৰা চুৰি কৰ্ম ৰোধৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীসমূহক আৰক্ষী-প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ চৰকাৰে সময়ৰ সৈতে খাপ খোৱাকৈ গাঁওৰক্ষী বাহিনীসমূহক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে।

অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত অসম গাঁওৰক্ষী বাহিনী আইন, ১৯৬৬ সংস্কাৰৰ বাবে এখন বিধানমণ্ডল গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সভাত উল্লেখ কৰে।

লগতে পঢ়ক- গুৱাহাটী ৰিফাইনেৰী হাস্পতালত যুৱতী পৰিচাৰিকাক শ্লীলতা হানি চেষ্টা চলোৱা চিকিৎসকক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply