নিউজ ডেস্কঃ এইবাৰ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ মন্তব্যক লৈ গৰজি উঠিল বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। দ্ৰৌপদী মুৰ্মূ প্ৰকৃততে আদিবাসী হয় নে নহয় বুলি কৰা এক মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে।
অখিল গগৈক শব্দৰে আক্ৰমণ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- ”এটা মাথা নথকা অখিল গগৈ পাগলটোৱে কৈছে যে- দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়া হেনো এটা কাঠৰ মূৰা এনেদৰে ক’ব বিচাৰিছে। দ্ৰৌপদী মুৰ্মূ যেতিয়া জন্ম হৈছিল, তেতিয়া ছাগে অখিল গগৈৰ মা-দেউতাৰ বিয়াই হোৱা নাছিল। অখিল গগৈক আজিৰ পৰা চাহ বাগান এলেকাত একেবাৰে বেন হ’ব লাগে। খেদি খেদি অখিল গগৈক পঠিয়াব লাগে। চান্দা তুলি শৃংখল চলিহাৰ দৰে নেতা সকলৰ কাৰণে কেইজনমানৰ কাৰণে তেওঁ আজি বিধায়ক হৈছে। এই অখিল গগৈ, যিজনৰ মূৰত মাল নাই। অখিল গগৈয়ে দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়াৰ তিলমাত্ৰ তুলনা কৰিব নোৱাৰি। অহাবাৰ বেয়াকৈ হাৰিব অখিল গগৈ। অহাবাৰ কি এতিয়াই নিৰ্বাচন হওঁক বেয়াকৈ হাৰিব অখিল গগৈ। অখিল গগৈ মূৰ নথকাটোৱে চান্দা তুলি ইয়াত নেতাগিৰি কৰি কেইদিনমান টকা তুলিলে, এতিয়া চান্দা তুলি কৃষক মুক্তি সংগ্ৰাম কৰা অখিল গগৈৰ মাথাত কি থাকিব পাৰে।”
উল্লেখ্য যে, সাংবাদিকৰ আগত বিধায়ক অখিল গগৈয়ে দ্ৰৌপদী মুৰ্মূ আদিবাসী হয় নে নহয় বুলি প্ৰশ্ন কৰি কয়- ”দ্ৰৌপদী মুৰ্মূ আচলতে আদিবাসী হয়নে? আপোনালোকে সকলোৱে জানে যে দ্ৰৌপদী মুৰ্মূ হল এগৰাকী ক্ৰিমী লেয়াৰত পৰা এগৰাকী মহিলা। তেওঁ এগৰাকী অভিজাত মহিলা। যিগৰাকী মহিলা এসময়ত ৰাজ্যপাল আছিল, বিধায়ক আছিল বহুদিন ধৰি। তেওঁক যদি আদিবাসীৰ ট্ৰাম কাৰ্ড খেলিবলৈ যোৱা যায় তেওঁ প্ৰকৃততে আদিবাসী হয়নে? উচ্চতম ন্যায়ালয়ে কৈছে যে- তেওঁলোক কেতিয়াও সংৰক্ষণৰ ভিতৰত নপৰিব যিসকল ক্ৰিমী লেয়াৰত পৰে। ক্ৰিমী লেয়াৰ কোনসকল যি সকল, দ্ৰৌপদী মুৰ্মূ ক্ৰিমী লেয়াৰ হয় নে নহয়? অভিজাত এগৰাকী মহিলা তেওঁক লৈ আজি আদিবাসী যি ট্ৰাম্প কাৰ্ড খেলা হৈছে তেনে ৰাজনীতি ঘৃণনীয় ৰাজনীতি, আৰু এনে ৰাজনীতি আমি পৰিহাৰ কৰি চলা উচিত।”