নগাঁওঃ অসমৰ এগৰাকী ব‍্যতিক্ৰমী বিধায়ক। যিজনে নিজৰ‌ অগতানুগতিক কৰ্মৰ জৰিয়তে প্ৰায়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইগৰাকী হৈছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।

দেওবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বানে ক্ষতিগ্ৰস্ত কৰা শুকতিপুতা, ৰাঙলুমুখ আৰু লো-মাটি অঞ্চলৰ বানপীড়িত ৰাইজক মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত আৰু মৰিয়নী বাসী ৰাইজ,হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱৰ সদস্য সকলৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰা হয়।

শুকতিপোতা অঞ্চলত বান সাহাৰ্য বিতৰণৰ উদ্দেশ্যে দেওবাৰে বানবিধ্বস্ত অঞ্চল সমূহত উপস্থিত হয় বিধায়ক কুৰ্মীয়ে নিজে পিঠিত চাউল আৰু আলুৰ বস্তাৰ বোজা লৈ বানাক্ৰান্তক বান সাহাৰ্য আগবঢ়ায়।

বানপীড়িত ৰাইজক সাহাৰ্য আগবঢ়ায় বিধায়ক গৰাকীয়ে কয় যে- আমাৰ বহু মানুহ আছে যাৰ বহু টকা প‌ইচা কিন্তু তেওঁলোকে বান সাহাৰ্যৰ নামত আপোন মানুহখিনিক সহায় কৰিবলৈ সময় নাই। চিনেমা চাবৰ সময় আছে তেওঁলোকৰ কিন্তু বিপদত পৰা মানুহক সহায় কৰিবৰ সময়হে নাই।

যি সময়ত বানাক্ৰান্ত সকলক কাৰোৱাৰ এষাৰি মাত সহানূভূতিৰ অত‍্যন্ত প্ৰয়োজন হৈছে, সেই সময়তে নগাৱঁৰ সদৰ সমষ্টিৰ তুলসী দেউৰী পঞ্চায়তৰ শুকতিপোতকে ধৰি কেইবাটাও অঞ্চলৰ ৰাইজক মৰিয়ণি সমষ্টিৰ বিধায়ক ৰূপজ‍্যোতি কূৰ্মীয়ে আগবঢ়োৱা মহানুৱতা কাৰ্যৰ বাবে ধন্যবাদ জনালে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply