মৰিয়নি: অসমৰ ভূমি নগা লোকে বেদখল কৰাৰ পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি আজি নগা দুৰ্বৃত্তৰ গুলীচালনা কৰে ।
তেওঁৰ লগত আছিল অসম আৰক্ষীৰ এটা দল ।
নাগালেণ্ডৰ সীমান্তৱৰ্তী দিছৈ অঞ্চলত সংঘটিত হয় এই ঘটনা । নগা দুৰ্বৃত্তই অসম মাটি দখল কৰি গাওঁ পাতিছিল । দলটো উপস্থিত হোৱাৰ লগে লগে পাহাৰৰ পৰা ধাৰাসাৰ গুলীচালনা
আৰক্ষী, বন বিষয়া আৰু সাংবাদিকো উপস্থিত আছিল দলটোত । ঘন জংঘলৰ আঁৰ লৈ প্ৰাণ ৰক্ষা দলটোৰ ঘটনাস্থলীলৈ ৰাওনা আৰক্ষী, আছাম ৰাইফলছৰ অতিৰিক্ত দল ।প্ৰত্যুত্তৰত অসম আৰক্ষীৰ জোৱানেও কৰে গুলীবৰ্ষণ। কোনো মতে ৰক্ষা কৰি ৰূপজ্যোতি কুৰ্মী, তেওঁৰ লগত যোৱা গাঁওবাসী আৰু সাংবাদিকৰ দলটোক লৈ আনে নিৰাপদ স্থানলৈ।
উল্লেখ্য যে, যোৰহাট জিলাৰ মৰিয়নীৰ অসম নাগালেণ্ডৰ সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে নগাৰ বেদখল। অসম চৰকাৰৰ সোপাঢিলা সীমান্ত নীতি আৰু বন বিভাগৰ অৰ্কমন্যতাৰ বাবে বনাঞ্চল খনত ইখনৰ পিছত সিখনকৈ গাওঁ স্থাপন কৰিছে নগাই। সীমান্তৰ ইচেক্টৰৰ দিচৈ ভেলি বনাঞ্চলত শেহতীয়াকৈ নগাই জে চি বি লগাই বাট পথ নিৰ্মান কৰি গাওঁ স্থাপনৰ যো-জা চলোৱাৰ বিষয়ে বাতৰি প্ৰকাশ পাইছিল। কিন্তু বাতৰি প্ৰকাশ হোৱাৰ পিছতে বন বিভাগৰ লোক আৰু অসম বেটেলিয়ান জোৱানে কিছু গছ পুলি নষ্ট কৰি দায়িত্ব সামৰিছে।
ইফালে বুধ বাৰে যোৰহাট জিলাৰ নব নিযুক্ত আৰক্ষী অধীক্ষক অংকুৰ জৈনে বৃহৎ আৰক্ষী বাহিনী সহ উপস্থিত হয় নিউ সোণোৱালত। আৰক্ষী অধীক্ষক গৰাকীয়ে দিচৈ ভেলিত নগাৰ বে দখল প্ৰত্যক্ষ কৰাৰ বাবে সদল বলে আগবাঢ়ে যদিও পাহাৰিয়া ওখোৰা মোখোৰা পথৰ বাবে আধা বাটৰ পৰাই উভতে আৰক্ষী অধীক্ষক সহ অসম আৰক্ষীৰ দলটো
নিউ সোণোৱালৰ পৰা উভতি আৰক্ষী অধীক্ষক গৰাকী উপস্থিত হয় নাগাজংকাৰ সমীপৰ দিচৈ ভেলি বনাঞ্চলত অসম আৰক্ষীৰ শিবিৰত। আৰক্ষী অধীক্ষক গৰাকীৰ লগতে প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক যুৱৰাজ সিং সহকাৰী আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী তিতাবৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস মৰিয়নি আৰক্ষী চক্ৰ পৰিদৰ্শক ভূবন পেগু মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদুৎ দত্ত আৰু তিতাবৰৰ কাৰ্য্যবাহি দণ্ডাধীশ বিস্বজিৎ বৰা উপস্থিত থাকে।
লগতে পঢ়ক গুৱাহাটীত ক্ৰাইম ব্ৰান্সৰ অভিযান, পল্টন বজাৰৰ জুৱেলাৰী দোকানত উদ্ধাৰ নিসিদ্ধ ড্ৰাগছ