কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী এতিয়াও টিঙৰ পৰা নমা নাই। বিধায়কজনক দলৰ পৰা বহিস্কাৰ কৰিব নে আদৰি লব এতিয়াও স্পষ্ট কৰিব পৰা নাই কংগ্ৰেছ দলে। শ্বেৰমানক বহিস্কাৰ কৰিলেও বিপদ, দলত ৰখাৰো পৰিৱেশ নাই। সভাপতি ভুপেন বৰাই এতিয়া সকলো সিদ্ধান্ত ভৰত নৰহলৈ ঠেলিছে। আনহাতে শ্বেৰমানক আদৰিবলৈ সাজু AIUDF।
ইয়াৰ বিপৰীতে নিজৰ কৰ্মকান্ডৰ বাবে জেলৰ ভাত খোৱা ছেৰমান আলিয়ে মিঞা মিউজিয়াম, নীলা লুঙীৰ বিৰ্তকৰ পিছত এইবাৰ বিধায়ক শ্বেৰমান আলিৰ টাৰ্গেট এইবাৰ সত্ৰ। নিশা বাঘবৰৰ সত্ৰৰ বেদখলকাৰীৰ মাজত উপস্থিত হৈ বিধায়ক শ্বেৰমান আলীয়ে কৰিলে চূড়ান্ত উচতনিমূলক মন্তব্য এতিয়া ভাইৰেল হৈছে।
প্ৰশাসনৰ নিৰ্দেশ মানি বেদখলকাৰীয়ে বেদখলীকৃত ভূমিৰ পৰা আঁতৰি যাবলৈ সাজু হোৱাৰ সময়তে তাত উপস্থিত হৈ বিধায়ক শ্বেৰমান আলীয়ে তেও জীয়াই থকালৈকে কোনো চিন্তা কৰিব নালাগে বুলি উচতনি মূলক মন্তব্য কৰে। আনকি প্ৰশাসনে পুতা খুঁটাও নিজ হাতেৰে উভালি পেলাই বিধায়কজনে।
পাঁচ বছৰৰ পিছত বিজেপি চৰকাৰ গ’লেই শ্বেৰমান আলীয়ে সকলো সমাধান কৰিব বুলি ৰাইজক ভয় নকৰিবলৈ উচতনি মূলক মন্তব্য কৰে। মাত্ৰ পাঁচ বছৰ অপেক্ষা কৰিবলৈ হুংকাৰ শ্বেৰমানৰ। বাঘবৰত সত্ৰৰ ভূমিত বেদখল উচ্ছেদত বাধা দি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমানে উভালি পেলাই চৰকাৰী ভাবে পোতা সত্ৰৰ সীমাৰ খুঁটা ।
লগতে পঢ়ক- মাৰ্ঘেৰিটাত কয়লা সৰবৰাহ কৰা ট্ৰেইলাৰৰ খুণ্ডাত মহিলাৰ মৃত্যু,গাড়ী জব্দ