গুৱাহাটী : বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ, শ্বহীদৰ বিৰুদ্ধে কৰিছিল আপত্তিজনক মন্তব্য। মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি এতিয়া দিছপুৰ থানালৈ আনিছে বিতৰ্কিত বিধায়কজনক।
অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে।
বিধায়কজনক দিছপুৰৰ চৰকাৰী আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছিল বহু দল সংগঠননে।
লগতে পঢ়ক : সোণাৰিৰ ভজো ৰংছোৱাল আলিত পৰিৱেশ সজাগতামূলক কাৰ্যসূচী
চৌদিশে শ্বেৰমানৰ বিৰুদ্ধে চলিছিল উত্তাল প্ৰতিবাদ। ইয়াৰ পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম বিচাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল শ্বেৰমান আলীয়ে। শ্বেৰমান আলীলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।