নিউজ ডেস্কঃ বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ ল’বলৈ জি এম চি এইছত উপস্থিত হয় বিধায়ক শ্বেৰমান আলী। সত্ৰ সম্পৰ্কীয় বিতৰ্কৰ পিছতেই বুঢ়া সত্ৰীয়া বশিষ্ট দেৱ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে বিধায়কগৰাকীয়ে।

কিছুদিনৰ আগতে বৰপেটা সত্ৰৰ বেদখল কৰি থোৱা ভূমিৰ প্ৰশাসনে মাৰি থোৱা সীমাৰ খুটা উঠাই প্ৰতিবাদ কৰিছিল বিধায়ক শ্বেৰমান আলীয়ে।

বাঘবৰৰ বিধায়ক গৰাকীয়ে বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ লৈ সংবাদমাধ্যমৰ আগত কয় যে বুঢ়া সত্ৰাধিকাৰ গৰাকী সুস্থ হৈ উঠিলেই মই সত্ৰলৈ যাম আৰু সত্ৰৰ মাটি বেদখল সম্পৰ্কে সকলোবোৰ কথা পাতিম। মোৰ ভুলৰ বাবে বুঢ়া সত্ৰাধিকাৰ গৰাকী থানালৈ যাব লগা হোৱাত মই কষ্ট পাইছোঁ আৰু মই ইয়াৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।

লগতে পঢ়কঃআনন্দ মিশ্ৰৰ দ্বাৰা গঠিত নগাঁও এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ

সত্ৰৰ ভূমি যদি কৰবাত বেদখল হৈছে তেন্তে সেই ভূমি বেদখল মুক্ত কৰিবৰ বাবে উচ্ছেদ চলালে প্ৰশাসনক সহায় কৰিম বুলিও বিধায়ক গৰাকীয়ে উল্লেখ কৰে।

সত্ৰৰ বেদখল ভূমি সম্পৰ্কীয় বাতৰি সংবাদমাধ্যমে প্ৰচাৰ কৰা ভিডিঅ’ত দেখুৱা মানুহজন তেওঁ নহয় বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

বিধায়ক শ্বেৰমান আলীয়ে বুঢ়া সত্ৰাধিকাৰ গৰাকী সোনকালে সুস্থ হৈ উঠিবলৈ আশু আৰোগ্য কামনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply