বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলিয়ে ১৯৮৩ চনত গৰুখুটী অঞ্চলত অবৈধ বাংলাদেশীয়ে হত্যা কৰা দয়ানাথ শৰ্মা সহ আঠজন অসম আন্দোলনৰ শ্বহীদক ঘাতক বুলি অভিহিত কৰাৰ লগতে আক্ৰমনৰ পৰা ৰক্ষা পাবলৈ তেওলোকক হত্যা কৰিছিল বুলি মন্তব্য কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিধায়ক গৰাকীয়ে তেনে ব্যক্তি তেওক আক্ৰমন কৰিব বিচাৰিলে তেও মাৰিব বুলি মন্তব্য কৰি এইবোৰ কোনো শ্বহীদ নহয় ঘাতক হয় বুলি মন্তব্য কৰিছে ।

এই মন্তব্যক লৈ ৰাজ্যত তীব্ৰ প্ৰতিবাদ হৈছে । মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত কয় , “কংগ্ৰেছৰ অসমীয়া ব্যক্তি সকল এতিয়া ক’ত , তেওলোকে এইসকলক ৰক্ষণাবেক্ষণ দিছে, থলুৱা অসমীয়াৰ হৈ মাত মতাৰ শক্তি এতিয়া কংগ্ৰেছৰ নাই ” । মুখ্যমন্ত্ৰীয়ে লগতে কয়, ৮৩’ এইসকল য’ত আছিল তাতেই থাকিব দিব লাগে, কংগ্ৰেছে আনি এইবোৰক বৰঘৰ সুমুৱালেহি । মুখ্যমন্ত্ৰীয়ে লগতে কয়, সন্দেহজনক বিশেষ সম্প্ৰদায়ৰ লোকক অসমৰ বিভিন্ন স্থানত বহুৱাই ২০৫০ চনত অসমৰ শাসন থলুৱাৰ হাতৰ পৰা নিবলৈ চেষ্টা চলাই আছে । এইসকল লোকে ছিপাঝাৰৰ লগতে বৰছলা, লামডিংত জনগাঁথনি সলনি কৰিব বিচাৰিছে ভূমিহীন, বানত ক্ষতিগ্ৰস্থৰ গইনা লৈ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।সমষ্টি দখলৰ বাবে আহিছিল তেওলোক ! ১০ হাজাৰ ভিতৰত ৬ হাজাৰ মানুহৰে নাম নাই NRCত শ্বেৰমান আলীক কংগ্ৰেছৰ নেতাই দিয়ে ৰক্ষণাবেক্ষণ ।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ মন্তব্য

বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ শেহতীয়া এক মন্তব্যক তীব্ৰ সমালোচনা কৰি তুলা ধূনা আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ । সভাপতি নাথে শ্বেৰমান আলীক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্রেৰণ কৰিবলৈ দাবী জনাইছে ।

শ্বেৰমান আলিয়ে অবৈধ বাংলাদেশীৰ প্ৰবক্তা ৰূপে কাম কৰি আছে বুলি মন্তব্য কৰি আছুৰ সভাপতি গৰাকীয়ে শ্বহীদক অসন্মান কৰা কথা মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি বাংলাদেশী অধ্যুষিত অঞ্চল সমূহত এই শক্তি সমূহে অসম ধ্বংসৰ কুটকৌশল ৰচনা কৰি থকা কথা উল্লেখ কৰি চৰকাৰক এনে শক্তিসমূহৰ বিৰুদ্ধে কাম কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক-ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য

শ্বেৰমান আলিৰ মন্তব্য দলৰ নীতিৰ পৰিপন্থী ৷ কংগ্ৰেছ দলে অসম চুক্তি মানি আহিছে মানি যাব ৷ বৰ্তমান অসমৰ পৰিস্থিতি বৰ ভাল নহয় এনে সময়ত এইবোৰ মন্তব্যই ক্ষতি কৰিব ৷ দলীয় মঞ্চত তেওৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী দিয়া হব ৷ শ্বেৰমান আলিয়ে কৰা মন্তব্যই দলক ক্ষতি কৰিব ৷ পুৰণি কথা কিছুমান টানি আনি সমাজখনক অস্থিৰ কৰা কাৰ্য কেতিয়াও গ্ৰহন যোগ্য নহয় ৷

ৰাইজৰ দলৰ কমল কুমাৰ মেধীয়ে ছ’চিয়েল মিডিয়াত লিখিলে এনেদৰে

‘উপ-নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে ইতিমধ্যেই কাম আৰম্ভ কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে ৷ আজি তেখেতে যি ভয়ংকৰ বাণী এৰিছে, ইয়ে চিধাচিধিকৈ বিজেপিক সহায় কৰিব ৷
ইয়াৰ আগতে ‘মিঞা কবিতা’, ‘মিঞা মিউজিয়াম’ৰ দৰে গৰম ইছ্যু বিজেপিক উপহাৰ দি এওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি অসমত গজগজীয়া কৰাত বিশেষ বৰঙনি আগবঢ়াই থৈছে ৷
মিঞাৰ নতুন প্ৰজন্ম আৰু এচাম বাস্তৱিক জ্ঞানশূন্য তথাকথিত লিবাৰেলে ইয়াৰ গূঢ়াৰ্থ বুজি উঠিলে ভাল ৷’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,319 other subscribers

Leave a comment

Leave a Reply