বিধায়ক শ্বেৰমান আলী

বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন।
এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে।
উল্লেখ্য যে, দলে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল।
৩দিনৰ সময়সীমা বান্ধি দিছিল কংগ্ৰেছ নেতৃত্বই।
সোমবাৰে ৩দিনৰ সময়সীমা পাৰ হোৱাৰ পাছতে এই সিদ্ধান্ত প্ৰদেশ কংগ্ৰেছৰ।

বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰিলে প্ৰদেশ কংগ্ৰেছে। শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত শনিবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাঘবৰৰ বিধায়কজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শ্বেৰমান আলী আহমেদ। তাৰ পিছতে আজি প্ৰদেশ কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰে বিধায়কজনক।

লগতে পঢ়ক- মডেলিঙৰ ক্ষেত্ৰখনত জিলিকিল শোণিতপুৰৰ কৃতি ছেত্ৰী

উল্লেখযোগ্য যে ২০১১ চনত এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে বাঘবৰৰ পৰা নিৰ্বাচিত হৈছিল শ্বেৰমান আলী। ২০১৬ চনত কংগ্ৰেছৰ টিকটত বাঘবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল বিধায়ক হিচাপে। ২০২১ চনত কংগ্ৰেছৰ টিকটত পুনৰ বাঘবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। আজি কংগ্ৰেছৰ পৰা নিলম্বিত হ’ল শ্বেৰমান আলী আহমেদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply