সুশান্ত বৰগোঁহাই

দেওবাৰে বিজেপিত যোগদান কৰে সুশান্ত বৰগোহাঁইয়ে ।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বিধায়কগৰাকীয়ে ইতিমধ্যে ত্যাগ কৰিছে বিধায়কৰ পদ।
যোৱা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক পৰাস্ত কৰি থাওৰা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল সুশান্ত বৰগোহাঁই।
মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ পাছতেই সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদানৰ চৰ্চা চলি আছিল, যিটো আজি সম্পূৰ্ণ হয় ।
সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰিছিল সুশান্ত বৰগোহাঁইয়ে।
কংগ্ৰেছৰ এইগৰাকী যুৱ নেতাৰ বিজেপি গমনে দলটোক ক্ষতি কৰিব বুলি চৰ্চা চলিছে।
উজনি অসমৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেতা আছিল সুশান্ত বৰগোহোহাঁই। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুশান্ত বৰগোহোহাঁইক দললৈ আদৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক ফেচ মাস্কত প্ৰযুক্তি: শীঘ্ৰেই বজাৰলৈ মাইক্ৰফোন আৰু স্পিকাৰ সংযুক্ত স্মাৰ্ট ফেচ মাস্ক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply