ডিমৌঃ ইজনৰ পিছত সিজনকৈ বহু কংগ্ৰেছী নেতা-বিধায়কে বিজেপিত যোগদান কৰিছে ৷ এইবাৰ এই তালিকাত নাম সন্নিবিষ্ট হ’ব থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ৷
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সুশান্ত বৰগোহাঁইয়ে বিজেপি গমনৰ ক্ষেত্ৰত স্পষ্টকৈ একো নকলেও আওপকীয়াকৈ এক অথবা দুই আগষ্টৰ দিনা আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰাৰ ইংগিত দিয়ে।
লগতে পঢ়কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ নিৰাশাজনক:- দেবব্ৰত শইকীয়া
ইপিনে, যি সময়ত থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহাই বিজেপি গমনৰ খবৰে সমগ্ৰ ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে সেই সময়তে থাওৰাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকে বিশেষ তাৎপৰ্য বহন কৰিছে।
কাৰ্যনিৰ্বাহকত সুশান্ত বৰগোহাঁইৰ বিজেপিলৈ যোৱাৰ কথা নিশ্চিত হোৱাৰ লগে লগে থাওৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত ২০ খন মণ্ডলৰ ১৮ খন মণ্ডল কমিটিৰ সভাপতি সকলে আগন্তুক উপ নিৰ্বাচনত সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।