যোৰহাটঃ যোৰহাটত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। উন্মত্ত লোকৰ প্ৰহাৰত মৃত্যু হৈছে এজন ছাত্ৰনেতাৰ।

নিহত ছাত্ৰনেতাজন গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা। নিহত অনিমেষ ভূঞা গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১ নং খকন্দগুৰি গাঁওৰ নবিন ভূঞা আৰু হিৰো ভূঞাৰ জেষ্ঠ্য পুত্ৰ ।।

এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৫০জনতকৈ অধিক উন্মত্ত লোকে প্রহাৰ কৰিছিল ৩যুৱক ক্ৰমে সাংবাদিক মৃদুস্মন্ত বৰুৱা,আছুৰ প্ৰণয় দত্তৰ লগতে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক।

লগতে পঢ়কঃপবিত্ৰ মাৰ্ঘেৰিটাই ছাত্ৰ আৰু যুৱ কল্যাণৰ উপদেষ্টা সমিতিৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে

গুৰুতৰভাৱে আহত তিনিওজনকে JMCHলৈ প্ৰেৰণ কৰা হয়। পিছে হস্পিতাললৈ নিয়াৰ পিছতেই চিকিৎসকে অনিমেষ ভূঞাক মৃত ঘোষণা কৰে।

ঘটনাৰ বিবৰণী মতে, গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এসময়ৰ ছাত্ৰনেতা সাংবাদিক মৃদুস্মন্ত বৰুৱা , ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা , আছু কৰ্মী প্ৰণয় দত্ত ব্যক্তিগত কামত আজি যোৰহাটলৈ আহিছিল । দুপৰীয়া প্ৰায় ১:৩০ বজাত নিৰ্মল চাৰিআলিত বজাৰ কৰিবৰ কাৰণে পাৰ্কিংত গাড়ী পাৰ্ক কৰাৰ অৱস্থাত এজন বৃদ্ধ ব্যক্তি এখন স্কুতি লৈ পৰি থকা দেখে ।

দুৰ্ঘটনাগ্ৰস্থ পিতৃ বয়সৰ ব্যক্তিগৰাকীক সহায় কৰিবলৈ গৈ তিনিওজন যুৱকে পৰি থকা দেখা স্কুতিখন উঠাই দিয়ে ।সেই সময়ত সুৰামত্ত অৱস্থাত থকা দুর্ঘটনাত পতিত হোৱা মোহন দাসে যুৱক তিনিজনে কৰা সহায়ৰ বিপৰীতে যুৱক তিনিজনে খুন্দা মাৰি দুৰ্ঘটনা কৰে বুলি চিঞৰ-বাখৰ কৰি যুৱককেইজনক চাবিৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

ইয়াতে ক্ষান্ত নাথাকি তেওঁ নিজা গাঁও বৰিগাঁওৰ ওচৰতে দোকানত কৰ্মৰত যুৱকক মাতি আনি তিনিজনীয়া যুৱকৰ দলটোৰ ওপৰত আহ্বান জনায় । প্ৰায় ৬০-৭০ জনীয়া এচাম দানৱৰূপী যুৱকৰ দলবব্ধ আক্ৰমণৰ ফলত তিনিওজন যুৱক বেয়াকৈ আঘাটপ্ৰাপ্ত হয় ।

ইয়াৰ পাছত আৰক্ষী উপস্থিত হোৱাৰ পাছতো কোনো কেৰেপ নকৰি আৰক্ষীৰ সন্মুখতে বিভিন্ন চোকা অস্ত্ৰৰে যুৱক তিনিজনক আক্ৰমণ কৰে । ইয়াৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই অকালতে মৃত্যু বৰণ কৰিব লগীয়া হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,465 other subscribers

Leave a comment

Leave a Reply Cancel reply