গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ প্ৰায় ১, ১৫,০০০ পৰিয়ালক গৃহ সংযোগ সেৱাৰ জৰিয়তে সুৰক্ষিত পানী যোগান ধৰাৰ লক্ষ্যেৰে মুঠ ১,৪২৭কোটি টকাৰ প্ৰকল্প ব্যয়ৰে জাইকা সাহাৰ্য্য প্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। আজি জনতা ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহলে জনসাধাৰণৰ গৃহ সংযোগৰ অনলাইন আবেদনৰ বাবে গুৱাহাটী পানী যোগান প্ৰকল্পৰ মোবাইল app আৰু ৱেবচাইট মুকলি কৰে। সম্পূৰ্ণ কমিছনৰ পিছত প্ৰকল্পটোৱে দক্ষিণ মধ্য গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ এলেকাসমূহ সামৰি ল’ব।

প্ৰথম পৰ্যায়ত পানী যোগানৰ ট্ৰায়েল ৰাণৰ বাবে ৫টা ডিষ্ট্ৰিক মিটাৰিং এৰিয়া সামৰি লোৱা হৈছে। এই ৫টা ডিষ্ট্ৰিক মিটাৰিং এৰিয়াৰ ভিতৰত পৰিব অমিয়া নগৰ, ৰামছা ৰিজাৰ্ভ এলেকা, ৰুদ্ৰ নগৰ, কৃষ্ণ নগৰ হলি চাইল্ড এলেকা, মিলনপুৰ, বামুনিমৈদাম, চান্দমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনী, ৰাজগড়, পূব শৰণীয়া। এই অঞ্চলসমূহৰ সাম্ভাব্য গ্ৰাহকসকলে এটা নিৰ্দিষ্ট ৱেবছাইট www.gmdwsb.in আৰু মোবাইল app GJB- Guwahati JAL Board ৰ জৰিয়তে নতুন সংযোগৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

৩মাহৰ বাবে পৰীক্ষা মূলক পানী যোগান চলি থাকিব। প্ৰথম পৰ্যায়ৰ পৰীক্ষা মূলক পানী যোগানত ৩০০০ পৰিয়ালক সামৰি লোৱা হ’ব। সুৰক্ষা জমা সহ স্থাপনৰ মাচুল সংযোগৰ আকাৰৰ ওপৰত ভিত্তি কৰি ৯,৫০০ টকাৰ পৰা ১২,৫০০ টকা পৰ্যন্ত লোৱা হ’ব। ঘৰুৱা যোগানৰ বাবে শ্লেব অনুসৰি প্ৰতি ১০০০ লিটাৰত ২২ টকা ধার্য কৰা হৈছে। যদি কোনো আবেদনকাৰীৰ গৃহত সংযোগ স্থাপন কৰিব নোৱাৰি তেন্তে তেওঁৰ স্থাপন মাচুল আৰু আবেদনৰ সময়ত প্ৰদান কৰা সুৰক্ষা জমা ধন ঘূৰাই দিয়া হ’ব। যদি গ্ৰাহকৰ কিবা অভিযোগ থাকে তেনেহ’লে GMDW&SB ৱেবছাইট আৰু এটা নিৰ্দিষ্ট হেল্পলাইন নম্বৰ +৯১ ৬০০৩৯২০৮৪৬ৰ জৰিয়তে তেওঁলোকৰ অভিযোগ উত্থাপন কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply