হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ সহযোগত খাৰুৱাবান্ধা আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই তিনি গৰাকী ই’কমৰ কৰ্মচাৰীৰ লগতে এজন মোবাইলৰ ৰিটেলাৰক গ্ৰেপ্তাৰ। লগতে আৰক্ষীয়ে ২০ টা চুৰি ম’বাইল জব্দ কৰে।
উল্লেখ্য যে, ১২ এপ্ৰিলত ই’কম এক্সপ্ৰেছৰ কলিকতা ৰাজ্যিক প্ৰৱন্ধক অশোক নাৰায়ণ ঘোষে খাৰুৱাবান্ধা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। প্ৰায় ৪০ লাখ টকা মূল্যৰ মুঠ দুই শতাধিক মোবাইল ফোন চুৰি হোৱা বুলি গোচৰ দাখিল কৰাৰ পাছত খাৰুৱাবান্ধা আৰক্ষীয়ে গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৩৭৯/৩৪ আই পি চি ধাৰাৰ অধীনত ১৪৮/২২ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰে। আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি অৱশেষত বুধবাৰে নিশা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কেইবাটাও স্থানৰ পৰা ই’কমৰ তিনি গৰাকী কৰ্মচাৰী ( ডেলেভেৰী বয়) গ্ৰেপ্তাৰ কৰাৰ লগতে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা এজন মোবাইলৰ ৰিটেলাৰ গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা ২০ টা চুৰি মোবাইল উদ্ধাৰ কৰে। ধৃত ই’কমৰ কৰ্মচাৰী কেইজন ক্ৰমে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ চিৰঞ্জিত দাস, কালাপানীৰ ৰুবুল ইছলাম আৰু দক্ষিণ শালমাৰা থানা এলেকাৰ মহামায়া নগৰৰ অমিত কুমাৰ সাহা।
আনহাতে ধৃত মোবাইল ৰিটেলাৰজন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানা এলেকাৰ খলিছাভিটা গাঁৱৰ মোকছেদুল ইছলাম। মোবাইল চোৰকেইটাৰ পৰা ইতিমধ্যে ২০টা ম’বাইল জব্দ কৰিছে আৰক্ষী। উদ্ধাৰ হোৱা মোবাইল কেইটাৰ মূল্য প্ৰায় চাৰি লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়কঃঅ’ এন জি চিত নিযুক্তি সৃষ্টি; ৩৬১৪ টা পদ খালী
ই’কমৰ কৰ্মচাৰী কেইজনে আমাজন, ফ্লিপকাৰ্টৰ জৰিয়তে গ্ৰাহকৰ নামত অহা মোবাইল ফোন গ্ৰাহকক যোগান নিদি নিজে পেকেট খুলি মোবাইল চুৰি কৰি পেকেটত অন্য বেয়া মোবাইল ভৰাই দি পুনৰ পেকেট কৰি গ্ৰাহকে অৰ্ডাৰ লোৱা নাই বুলি ই’কমলৈ উভতাই পঠায়। আনহাতে ই’কমৰ কৰ্মচাৰীজনে চুৰি কৰা মোবাইলটো ধৃত ৰিটেলাৰজনৰ ওচৰত বিক্ৰী কৰে। বিগত কেইবামাহৰ ভিতৰত প্ৰায় ৪০ লাখ টকাৰ দুই শতাধিক মোবাইল এইদৰে হেৰাই যোৱাৰ ফলত ই’কমৰ পৰা গোচৰ দিয়াত অপৰাধী কেইটাক কৰায়ত্ব কৰি ২০টা মোবাইল ফোন উদ্ধাৰ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।