গুৱাহাটী : টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কামৰূপ মহানগৰ জিলাত ক’ভিড টীকাকৰণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ বৰ্তমান থকা কেন্দ্ৰসমূহৰ উপৰিও অতিৰিক্ত কেন্দ্ৰ গঠন কৰি টীকাকৰণ অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে৷ ইয়াৰ উপৰি প্ৰতিটো জ’নতে জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে একোটাকৈ ভ্ৰাম্যমান কেন্দ্ৰৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে৷

মহানগৰৰ ভিতৰত ধীৰেণপাৰা, ফটাশিল, আমবাৰী আদি যিবোৰ অঞ্চলত ক’ভিড আক্ৰান্তৰ সংখ্য অধিক আছিল কিন্তু সেই অনুপাতে টীকাকৰণ হোৱা নাই, তেনে অঞ্চলত টীকাকৰণত বিশেষ গুৰূত্ব দিয়াৰ লগতে গ্ৰাম্যাঞ্চলত টীকাকৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে৷ টীকাকৰণ তীব্ৰতৰ কৰাৰ উদ্দেশ্যে উপায়ুক্তৰ অধ্যক্ষতাত সকলো চক্ৰ বিষয়া, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ বিষয়াসকলৰ এখন গুৰূত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

লগতে পঢ়ক : বকোৰ গাৰো যুৱতীয়ে কঠালৰ চিপছ বনাই আৰ্থিকভাৱে লাভান্বিত হৈছে

এই বৈঠকত টীকাকৰণ অভিযানৰ আন্তঃগাঁঠনিৰ পৰ্যালোচনা কৰাৰ লগতে এই কামত শিক্ষক, অংগনৱাড়ী সহায়িকা আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ সদস্যসকলক জড়িত কৰাৰো সিদ্ধান্ত লোৱা হয়৷ বৈঠকত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত (টীকাকৰণ) গুণজিৎ ৰয় চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ আন বিষয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply