গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বেতকুছিস্থিত আন্তঃৰাজ্যিক বাচ আস্থান চৌহদত এটা ক’ভিড টিকাকৰণ কেন্দ্র আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ আন্তঃজিলা যাতায়াত মুকলি কৰাৰ ফলত এই বাছ আস্থানত বিপুল সংখ্যক যাত্রীৰ সমাগম হােৱালৈ লক্ষ্য ৰাখি এতিয়াও টিকাকৰণৰ জৰিয়তে সামৰি নােলােৱা আন্তঃজিলা আৰু আন্তঃৰাজ্যিক যাত্ৰীসকলক ক’ভিডৰ ভেকচিন প্রদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ উদ্যোগত এই কেন্দ্র মুকলি কৰা হৈছে।

আনহাতে বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চৌহদতে মুখ্যমন্ত্রীয়ে ভ্রাম্যমান ক’ভিড টিকাকৰণ বাহন সেৱাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কার্যসূচীৰ প্রথম পর্যায়ত তিনিখন জিলা ক্রমে কোকৰাঝাৰ, বাক্স আৰু বজালীলৈ যাবলগীয়া ১৫ খন এনে বাহনৰ যাত্ৰাৰ ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীয়ে এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ক’ভিড টিকাকৰণ অভিযান সফল কৰি তােলাৰ ক্ষেত্ৰত অশেষ কষ্ট স্বীকাৰ কৰাৰ বাবে এ এন এম নাৰ্ছ, অন্যান্য টিকাকৰণ কৰ্মীসকলকে ধৰি স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনত এই পর্যন্ত ১.৯১ কোটি লােকক টিকাকৰণৰ জৰিয়তে সামৰি লােৱাৰ লগতে ইয়াৰে ১.৫ কোটি লােকে প্রথম পালি ভেকচিন লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

লগতে পঢ়ক : শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আইচিইউ নির্মাণৰ বাবে স্বাক্ষৰিত হ’ল বুজাবুজিৰ চুক্তি

অহা ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিগৰাকী যােগ্য লােকেই যাতে কমেও ক’ভিডৰ প্রথম পালি ভেকচিন লাভ কৰিব পাৰে, তাৰ বাবে টিকাকৰণ অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক নির্দেশ দিয়ে। অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশােক সিংহল, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশােক ভট্টৰায়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গােৱেল, ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড টিকাকৰণৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্র নাথ নাটেকে ধৰি স্বাস্থ্য বিভাগৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply